অসম

assam

By

Published : Feb 27, 2021, 3:28 PM IST

ETV Bharat / state

বিশিষ্ট শিক্ষাবিদ ড° শিৱকুমাৰ তিৱাৰীৰ দেহাৱসান

বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ বিশিষ্ট শিক্ষাবিদ ড° শিৱকুমাৰ তিৱাৰীৰ পৰলোকপ্ৰাপ্তি । অভয়াপুৰী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ড° শিৱকুমাৰ তিৱাৰীৰ দেহাৱসানে শোকৰ ছাঁ পেলাইছে সমগ্ৰ বঙাইগাঁও জিলাতে ।

অভয়াপুৰীৰ বিশিষ্ট শিক্ষাবিদ ড° শিৱকুমাৰ তিৱাৰীৰ পৰলোকপ্ৰাপ্তি
অভয়াপুৰীৰ বিশিষ্ট শিক্ষাবিদ ড° শিৱকুমাৰ তিৱাৰীৰ পৰলোকপ্ৰাপ্তি

বঙাইগাঁও, ২৭ ফেব্ৰুৱাৰী: চিৰবিদায় মাগিলে বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ বিশিষ্ট শিক্ষাবিদ ড° শিৱকুমাৰ তিৱাৰীয়ে । বাৰ্ধক্যজনিত কাৰণত শুকুৰবাৰে দেহাৱসান ঘটে শিক্ষাবিদগৰাকীৰ ।

অভয়াপুৰীৰ বিশিষ্ট শিক্ষাবিদ ড° শিৱকুমাৰ তিৱাৰীৰ পৰলোকপ্ৰাপ্তি

অভয়াপুৰী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিগৰাকীক শেষ শ্ৰদ্ধা জ্ঞাপন কৰাৰ উদ্দেশ্যে অভয়াপুৰী মহাবিদ্যালয়ত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় ।

অভয়াপুৰীৰ বিশিষ্ট শিক্ষাবিদ ড° শিৱকুমাৰ তিৱাৰীৰ পৰলোকপ্ৰাপ্তি

অভয়াপুৰী মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰী, কৰ্মচাৰীৰ লগতে বঙাইগাঁৱৰ বিভিন্ন দল-সংগঠনে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ড° শিৱকুমাৰ তিৱাৰীৰ আত্মাৰ চিৰশান্তি কামনা কৰে । শিক্ষাবিদগৰাকীৰ দেহাৱসানে শৈক্ষিক মহলৰ লগতে সমগ্ৰ বঙাইগাঁও জিলাতে শোকৰ ছাঁ পেলাইছে ।

লগতে পঢ়ক:মৰিগাঁৱত জীৱিকা সখীক স্কুটী প্ৰদান

ABOUT THE AUTHOR

...view details