অসম

assam

ETV Bharat / state

বঙাইগাঁৱৰ ৰেল কাৰখানাত ভয়াবহ অগ্নিকাণ্ড - অগ্নি নিৰ্বাপক বাহিনী

বঙাইগাঁও জিলাৰ নিউ বঙাইগাঁৱত সংঘটিত ভয়াবহ অগ্নিকাণ্ড ৷ উত্তৰ-পূৰ্ব্বাঞ্চলৰ একমাত্ৰ ৰেল আৰু দবা মেৰামতি কাৰখানাৰ ভিতৰত সংঘটিত হয় এই অগ্নিকাণ্ড ।

Bongaigaon Railway workshop fire
ভয়াবহ অগ্নিকাণ্ড

By

Published : Apr 12, 2020, 1:41 PM IST

বঙাইগাঁও,12 এপ্ৰিলঃবঙাইগাঁও জিলাৰ নিউ বঙাইগাঁৱৰ ৰে’লৱে কাৰখানাত সংঘটিত হয় এক অগ্নিকাণ্ড ৷ কাৰখানাৰ ভিতৰৰ বিভিন্ন সা-সামগ্ৰী গোটাই থোৱা ঠাইত সংঘটিত হয় এই অগ্নিকাণ্ড ৷ ঘটনাস্থলীত পাঁচখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় । ভয়াবহ অগ্নিকাণ্ডটোৰ পৰা কথমপি ৰক্ষা পৰে উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ দবা মেৰামতি কৰা ৰেলৰ কাৰখানাটো ৷ জুইৰ সূত্ৰপাত কেনেকৈ হ’ল সেই সম্পৰ্কত অদ্যপি জানিব পৰা হোৱা নাই ৷ ইতিমধ্যে ঘটনা সম্পৰ্কত তদন্তৰ ঘোষণা ৰে’ল কৰ্তৃপক্ষৰ ৷ লগতে বিভাগটোৱে এই সন্দৰ্ভত তথ্য প্ৰকাশৰ পৰা বিৰত থাকে ৷

ভয়াবহ অগ্নিকাণ্ড

ABOUT THE AUTHOR

...view details