চিৰাং, 10 জুলাইঃ দেশৰ ৰে'ল বিভাগক ব্যক্তিগত খণ্ডলৈ নিয়াৰ ষড়যন্ত্ৰ কৰাৰ প্ৰতিবাদত বুধবাৰে উত্তৰ-পূব ৰে'লৱে এমপ্লইজ ইউনিয়নে প্ৰতিবাদ সাব্যস্ত কৰে ৷ নিউ বঙাইগাঁও ৰে'ল জংচনৰ সন্মুখত নিউ বঙাইগাঁও এলেকাৰ পাঁচটা এমপ্লইজ ইউনিয়নে কেন্দ্ৰীয় চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ প্ৰতিবাদত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ সম্প্ৰতি ৰে'ল বিভাগে নতুন নিযুক্তিৰ পৰিৱৰ্তে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলক পুনৰ নিযুক্তিৰে ৰে'লৰ কাম-কাজত চলাই থকাৰো গুৰুতৰ অভিযোগ কৰে প্ৰতিবাদকাৰীসকলে৷
নিউ বঙাইগাঁৱত ৰে'লৱে কৰ্মচাৰীৰ প্ৰতিবাদ
ৰে'ল কৰ্মচাৰীৰ পৰিৱৰ্তে নিউ বঙাইগাঁও ৰে'ল কাৰখানা আৰু অন্যান্য উদ্যোগসমূহত কোম্পানীৰ লোকৰ দ্বাৰা কাম চলাই থকাত ইয়াৰ তীব্ৰ প্ৰতিবাদ জনাই ৰে'লৰ কৰ্মচাৰীৰ সংখ্যা হ্ৰাস কৰিব খোজা কাৰ্যতো উদ্বেগ প্ৰকাশ কৰে ৰে'ল কৰ্মচাৰীসকলে ৷ চৰকাৰ আৰু ৰে'ল বিভাগে ৰে'ল ব্যৱস্থাক ব্যক্তিগতকৰণ কৰিব বিচৰা সিদ্ধান্ত বাতিল নকৰিলে এমপ্লইজ ইউনিয়নে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰে ৷
নিউ বঙাইগাঁৱত ৰে'লৱে কৰ্মচাৰীৰ প্ৰতিবাদী কাৰ্যসূচী
একেদৰে ৰে'ল কৰ্মচাৰীৰ পৰিৱৰ্তে নিউ বঙাইগাঁও ৰে'ল কাৰখানা আৰু অন্যান্য উদ্যোগসমূহত কোম্পানীৰ লোকৰ দ্বাৰা কাম চলাই থকাত ইয়াৰ তীব্ৰ প্ৰতিবাদ জনাই ৰে'লৰ কৰ্মচাৰীৰ সংখ্যা হ্ৰাস কৰিব খোজা কাৰ্যতো উদ্বেগ প্ৰকাশ কৰে ৰে'ল কৰ্মচাৰীসকলে ৷ চৰকাৰ আৰু ৰে'ল বিভাগে ৰে'ল ব্যৱস্থাক ব্যক্তিগতকৰণ কৰিব বিচৰা সিদ্ধান্ত বাতিল নকৰিলে এমপ্লইজ ইউনিয়নে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰে ৷