বঙাইগাঁও, 14 ডিচেম্বৰঃ ক্ষোভৰ দাবানল যেন শেষেই হোৱা নাই অসম ভূমিত ৷ নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদত অসমৰ শেহতীয়া পৰিস্থিতি ভয়ংকৰ ৷ যোৱা 12 ডিচেম্বৰৰ পৰা ব্ৰহ্মপুত্ৰ উপত্যকাত বন্ধ হৈ আছে ইন্টাৰনেট সেৱা ৷ সান্ধ্য আইনকো নেওচি স্বতঃস্ফুৰ্তভাৱে ওলাই আহিছে হেজাৰ হেজাৰ লোক ৷ ক্ৰমাৎ যেন সুস্থিৰ হৈছে পৰিৱেশ ৷ শিথিল কৰা হৈছে বিভিন্ন ঠাইৰ 144 ধাৰা ৷ তথাপিও অহৰহ গতিত চলি আছে প্ৰতিবাদ ৷ বঙাইগাঁৱত জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ একত্ৰিত বৃহৎ প্ৰতিবাদী সমাৱেশ ৷ বঙাইগাঁৱৰ বৰপাৰাৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হয় বৃহৎ প্ৰতিবাদী সমাৱেশৰ।
এই সমাৱেশত অংশগ্ৰহণ কৰে জিলাখনৰ সকলো দল সংগঠন ৷ আছু, আক্ৰাছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, চি.পি.আই আৰু চি.পি.আই.এমসহ শিল্পী সমাজ, সুত্ৰধৰ ছাত্ৰ সন্থা,নাথযোগী ছাত্ৰ সন্থা,কৰ্মচাৰী পৰিষদ,চিটু,বাৰ কাউন্সিল,গৰীয়া-মৰীয়া দেশী জাতীয় পৰিষদসহ অন্যান্য কেবাটাও দল সংগঠনৰ আহ্বানত আয়োজিত এই অনুষ্ঠানত কোনোপধ্যেই নাগৰিকত্ব সংশোধনী আইন মানি নোলোৱাৰ হুংকাৰ প্ৰদান কৰে ৷ অসমীয়া জাতিৰ আৱেগক মোহাৰি ৰাজ্য চৰকাৰে এই নাগৰিকত্ব সংশোধনী আইনক অনাৰ বাবে দিল্লীক ৰঙা দলিচা পাৰি দিছে আৰু ই অসমীয়া জাতিয়ে কেতিয়াও মানি নলয় বুলিও মন্তব্য প্ৰদান কৰে ৷ গণতান্ত্ৰিক আন্দোলনৰ সমান্তৰালকৈ আইনী যুঁজ দিয়াৰো পোষকতা কৰে সকলো দল সংগঠনৰ নেতৃত্বই।