বঙাইগাঁও, 31 অক্টোবৰঃ বঙাইগাঁৱৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত শৌলমাৰী পোকালাগী নৈৰ চৰত সন্ধিয়া দুষ্ট চক্ৰই দীপাৱলীৰ নাম লৈ 'ঝাণ্ডি-মুণ্ডা' জুৱাখেল অনুষ্ঠিত কৰে। কোকিলাৰ আৰক্ষীৰ সহকাৰী উপ পৰিদৰ্শক শিৱ প্ৰসাদ কলিতাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটোৱে জুৱা খেল উচ্ছেদ কৰাৰ লগতে ডাইচগুটি,লাইট,বেটাৰী,জুৱাখেলত ব্যৱহাৰ কৰা বিচনা,প্লাষ্টিকৰ পিৰা সহ বিভিন্ন সা-সামগ্ৰী জব্দ কৰে। অৱশ্যে আন্ধাৰৰ সুযোগ লৈ জুৱাৰীৰ দলটোৱে পলায়ন কৰে। জুৱাখেলৰ বিৰুদ্ধে কোকিলাৰ আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰাত স্থানীয় ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে ।
বঙাইগাঁৱত জুৱা খেল উচ্ছেদঃ বিভিন্ন সা-সামগ্ৰী জব্দ - বঙাইগাঁৱত জুৱাখেল উচ্ছেদ আৰক্ষীৰ
বঙাইগাঁৱৰ কোকিলাৰ শৌলমাৰীত দীপাৱলীৰ নাম লৈ 'ঝাণ্ডি-মুণ্ডা' জুৱাখেল অনুষ্ঠিত কৰে । অৱশ্যে কোকিলা আৰক্ষীয়ে জুৱাখেল উচ্ছেদ কৰাৰ লগতে ডাইচগুটি,লাইট,বেটাৰী,জুৱাখেলত ব্যৱহাৰ কৰা বিচনা,প্লাষ্টিকৰ পিৰাসহ বিভিন্ন সা-সামগ্ৰী জব্দ কৰে ।
জব্দ হোৱা বিভিন্ন সা-সামগ্ৰী