বঙাইগাঁও, 21 চেপ্টেম্বৰ : নিউ বঙাইগাঁৱৰ ৰেলৱে জংচনত বৃহস্পতিবাৰে সন্ধিয়া ৰেলৱে আৰক্ষীৰ পৰিদৰ্শক দীনেশ দাসে এগৰাকী কনিষ্টবলক কৰ্তব্য অৱস্থাত থকাৰ সময়তে মাৰধৰ কৰাৰ অভিযোগ উঠিছে ৷ উত্তৰ পূৰ্বাঞ্চলৰ পৰা ৰেলযোগে দৈনিক বহি:ৰাজ্যলৈ গাঞ্জাকে আদি কৰি বিভিন্ন নিচা জাতীয় সামগ্ৰী সৰবৰাহ হয় ৷ গাঞ্জা বেপাৰীৰে একাংশ আৰক্ষী বিষয়াৰ গোপন মিতিৰালিৰ কথা পুনৰবাৰ প্ৰমাণিত হ'ল বঙাইগাঁৱত ৷
আৰক্ষীয়ে আক্ৰমণ কৰিলে আৰক্ষীক - আৰক্ষীয়ে আক্ৰমণ কৰিলে আৰক্ষীক
গাঞ্জা থকাৰ সন্দেহত ৰেলৱে আৰক্ষীৰ পৰিদৰ্শক দীনেশ দাসৰ চাৰিটা ট্ৰলী বেগ তালাচী কৰিব খোজাত ৰেলৱে কনিষ্টবল সুভাষ চন্দ্ৰ সৰকাৰৰ ওপৰত খৰ্গহস্ত হয় আৰক্ষী পৰিদৰ্শকগৰাকী ৷
![আৰক্ষীয়ে আক্ৰমণ কৰিলে আৰক্ষীক](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4504789-thumbnail-3x2-ban.jpg)
আৰক্ষীয়ে আক্ৰমণ কৰিলে আৰক্ষীক
আৰক্ষীয়ে আক্ৰমণ কৰিলে আৰক্ষীক
গাঞ্জা থকাৰ সন্দেহত ৰেলৱে আৰক্ষীৰ পৰিদৰ্শক দীনেশ দাসৰ চাৰিটা ট্ৰলী বেগ তালাচী কৰিব খোজাত ৰেলৱে কনিষ্টবল সুভাষ চন্দ্ৰ সৰকাৰৰ ওপৰত খৰ্গহস্ত হয় আৰক্ষী পৰিদৰ্শকগৰাকী ৷ যাৰবাবে দীনেশ দাসে কৰ্তব্যৰত কনিষ্টবলগৰাকীক অশ্লীল ভাষাৰে মাৰধৰ কৰাৰ লগতে পিন্ধি থকা ইউনিফৰ্ম ফালি পিন্ধি থকা বেল্টেৰে মাৰধৰ কৰাৰ অভিযোগ উঠিছে ৷ বৰ্তমান ঘটনাৰ সংক্ৰান্তত ৰেলৱে আৰক্ষী পৰিদৰ্শক দীনেশ দাস আৰু কনিষ্টবল সুভাষ চন্দ্ৰ সৰকাৰে পৃথকে পৃথকে দাখিল কৰিছে এজাহাৰ ৷