বঙাইগাঁও, 18 নৱেম্বৰ: বঙাইগাঁও জিলাৰ চাপৰাকাটাৰত এটা প্ৰদূষণ সৃষ্টিকাৰী কাৰ্বন উদ্যোগ নিৰ্মাণ হ'ব লগাক লৈ সৃষ্টি হৈছে ব্যাপক উত্তেজনাৰ ৷ খবৰ অনুসৰি, চাপৰাকাটাৰ ভাৱৰীয়াকাটা গাঁৱৰ কৃষিভূমি তথা আবাসিক এলেকাত কলকাতাস্থিত নৰ্থ ইষ্ট কেলছিনাৰ প্ৰ:লি: নামৰ এটা কোম্পানীয়ে কাৰ্বন উদ্যোগ স্থাপন কৰিব খোজাকলৈ সৃষ্টি হৈছে এই উত্তেজনাৰ ৷ কোম্পানীটোৱে প্ৰথমে ষ্টিল ফেক্টৰী স্থাপন কৰিম বুলি গাঁৱখনৰ গাঁওবুঢ়াক আভুৱা ভাৰি মাটি কিনি পাছলৈ কাৰ্বন উদ্যোগ নিৰ্মাণ আৰম্ভ কৰিছিল ৷ এই ভয়ংকৰ জালিয়াতিৰ কথা পোহৰলৈ অহাৰ পাছত এতিয়া জাঙুৰ খাই উঠিছে বৃহত্তৰ চাপৰাকাটাৰ অঞ্চলৰ স্থানীয় ৰাইজ তথা স্থানীয় দল-সংগঠনটো ৷ তাৎপৰ্যপূৰ্ণ কথাটো হ'ল এই উদ্যোগ স্থাপন কৰিব খোজা কৃষিভূমিৰ সৈতে সংলগ্ন হৈ আছে বিশ্বখ্যাত সোণালী বান্দৰৰ আৱাসভূমি কাকৈজানা সংৰক্ষিত বনাঞ্চল ৷
চাপৰকাটাত কাৰ্বন উদ্যোগঃ সোণালী বান্দৰৰ জীৱনলৈ ভাবুকি - চাপৰকাটাত কাৰ্বন উদ্যোগ বিৰুদ্ধে ৰাইজ প্ৰতিবাদ
ষ্টিল কোম্পানী খোলাৰ আভুৱা ভাৰি কৃষিভূমিত কাৰ্বন উদ্যোগ নিৰ্মান কলকতাস্থিত কোম্পানীৰ ৷ বিশ্বখ্যাত সোণালী বান্দৰৰ আৱাসভূমি কাকৈজানা সংৰক্ষিত বনাঞ্চলেৰে সংলগ্ন হৈ আছে কাৰ্বন উদ্যোগ নিৰ্মাণ হব লগা কৃষিভূমি ৷ উদ্যোগটো হলে অঞ্চলটোত সৃষ্টি হব তীব্ৰ প্ৰদূষণ ৷ জাঙুৰ খাই উঠিছে ৰাইজ-স্থানীয় দল সংগঠন ৷
ইফালে, সোমাবাৰে স্থানীয় ৰাইজ আৰু দল সংগঠনে অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি দিয়ে নিৰ্মীয়মাণ উদ্যোগটো ৷ কোঁচ ৰাজবংশী মহা সভা,আক্ৰছু,ৰাভা ছাত্ৰ সন্থাকে আদি কৰি বিভিন্ন দল সংগঠন এই সমগ্ৰ বিষয়টো সন্দৰ্ভত জিলা উপায়ুক্তৰ হস্তক্ষেপ দাবী কৰিছে ৷ আনহাতে, উদ্যোগ স্থাপনৰ বিষয়ত কোঁচৰাজবংশী মহাসভাৰ সম্পাদক বিশ্বজিত ৰায়ে কয় যে, নিৰ্মীয়মান কাৰ্বন উদ্যোগটো বন্ধ কৰাৰ দাবীত অসম প্ৰদূষন নিয়ন্ত্ৰন বোৰ্ডৰ সঞ্চালক আৰু বঙাইগাঁও জিলা উপায়ুক্তলৈ তিনিবাৰকৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে সংগঠনটোৱে ৷ ইয়াৰ পাছতো কিন্তু কোনো গুৰুত্ব দিয়া নাই সংশ্লিষ্ট বিভাগ সমূহে ৷ যি নহওক ইমানৰ পাছতো যদি উদ্যোগটোৰ নিৰ্মাণ কাৰ্য বন্ধ নহয় তেনেহলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে অঞ্চলটোৰ স্থানীয় ৰাইজ তথা দল সংগঠনে ৷