বঙাইগাঁও,27জুনঃবঙাইগাঁও জিলাৰ অভয়াপুৰীত অঘটন মৃতকৰ দাহ কৰ্মত অংশগ্ৰহণ কৰি নৈৰ পানীত গা ধুবলৈ গৈ এজন লোক উটি গ'ল নৈৰ কোবাল সোঁতত। অভয়াপুৰীৰ সমীপবৰ্তী নাৰিকলাৰ ছেকাটি নদীত সংঘটিত হয় উক্ত দুৰ্ঘটনাটো । সন্ধানহীন ব্যক্তি জন নাৰিকলাৰ বীৰেন দাস বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে ঘটনাস্থলীত দণ্ডাধীশ আৰু SDRF বাহিনী উপস্থিত হৈ আৰম্ভ কৰিছে উদ্ধাৰ অভিযান ৷
ছেকাটি নদীত নিৰুদ্দেশ এজন
মৃতদেহ দাহ কৰ্মত অংশগ্ৰহণ কৰি নদীত গা ধুবলৈ গৈ উটি গ'ল এজন ব্যক্তি । এচ ডি আৰ এফৰ উদ্ধাৰ অভিযান অব্যাহত ৷
ছেকাটি নদীত নিৰুদ্দেশ এজন ব্যক্তি
উল্লেখযোগ্য যে, বিগত কেইদিনমানৰ পৰা হৈ থকা নেৰা-নেপেৰা বৰষুণৰ ফলত উফন্দি উঠিছে নৈ-উপনৈ সমূহ । লোক জনক বিচাৰি এচ ডি আৰ এফে দীৰ্ঘ সময় অভিযান চলোৱাৰ পিচতো বাঢ়নী পানীৰ বাবে লোকজনৰ সন্ধান উলিওৱাত অসুবিধাৰ সৃষ্টি হৈছে ৷
লগতে পঢ়কঃ বিলাসীপাৰাৰ বিস্তীৰ্ণ অঞ্চল বানৰ কবলত