বঙাইগাঁও,11নৱেম্বৰ:বুধবাৰে ৰাতিপুৱা ৪.৩০ বজাত বঙাইগাঁৱৰ তেল ডিপোত সংঘটিত হয় চাঞ্চল্যকৰ ডকাইতি কাণ্ড। জিলাখনৰ চাপৰাকাটাস্থিত ৩১ নং চি ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা ইণ্ডিয়ান অইলৰ বৰ্মন অটো ছাৰ্ভিচ ষ্টেচনত সংঘটিত হয় এই ডকাইতি কাণ্ড । CCTVত বন্দী হ'ল সমগ্ৰ দৃশ্য ৷ ৰাতিপুৱা সামগ্ৰী কঢ়িয়াই অনা এখন বলেৰো পিক আপ ভান আহি তেল ডিপোত প্ৰৱেশ কৰে । ৫০০ টকাৰ তেল ভৰোৱাৰ পাছতে ডিপোৰ কৰ্মচাৰীৰ পৰা টকা বিচাৰে ৷
ডিপোৰ কৰ্মচাৰী নিকুঞ্জয় বৰ্মনক গাড়ী খনত অহা ডকাইতৰ দলে বগৰাই ধৰে তাৰ পিচতে বলপূৰ্বক ভাৱে নিকুঞ্জয় বৰ্মনক গাড়ীখনত উঠাই লৈ যায় । প্ৰায় এক কিলোমিটাৰ যোৱাৰ পাছত তেওঁৰ লগত থকা টকাৰ মোনাখন কাঢ়ি লয় আৰু মাৰধৰ কৰি এৰি থৈ যায়। মোনাখনত ৪৭ হেজাৰতকৈ অধিক টকা আছিল ৷