অসম

assam

ETV Bharat / state

বঙাইগাঁৱত নিচাসক্ত পুত্ৰক হত্যা পিতৃৰ

শুকুৰবাৰে বঙাইগাঁও চহৰৰ মাজমজিয়াত হত্য়াকাণ্ডৰ বলি হয় এজন যুৱক ৷ বঙাইগাঁও সদৰ থানাৰ নিচেই সমীপত সংঘটিত হয় হত্যাকাণ্ডটো । নিচাসক্ত পুত্ৰক ডেগাৰেৰে খুঁচি হত্যা কৰে পিতৃয়ে ৷

Bongaigaon Murder in conainment area etv bharat assam news
পুত্ৰক হত্যা পিতৃৰ

By

Published : May 2, 2020, 12:53 PM IST

বঙাইগাঁও,2 মে’ঃ বঙাইগাঁও চহৰৰ মাজমজিয়াত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড । লক্​ ডাউনৰ সুযোগতে শুকুৰবাৰে সন্ধিয়া বঙাইগাঁও সদৰ থানাৰ সমীপৰ হোটেল কণিষ্কৰ সমীপত হত্যাকাণ্ডটো সংঘটিত হয় ৷ ঘটনাৰ বিৱৰণী অনুসৰি, চহৰখনৰ মাজমজিয়াৰ টি আৰ ফুকন ৰোডৰ বাসিন্দা কৰ্ণৱ মেধি(৩২) নামৰ যুৱকজনক হত্যা কৰে ছালফা পিতৃয়ে ৷ যুৱকজন পূৰ্বৰে পৰা নিচাত আসক্ত আছিল যাৰ বাবে পৰিয়ালত দৈনিক সংঘটিত হৈছিল হাই-কাজিয়া ৷ কৰ্ণৱৰ চিকিৎসাৰ নামত ইতিমধ্যে পৰিয়ালটোৱে লক্ষাধিক টকা ব্যয় কৰিছে ৷ সদায়ৰ দৰে শুকুৰবাৰেও যুৱকজনে টকা বিচাৰি দেউতাকক হাৰাশাস্তি কৰিছিল ৷ ফলত পিতা-পুত্ৰৰ মাজত সংঘাত সৃষ্টি হোৱাত পিতৃয়ে ডেগাৰেৰে খুঁচি হত্যা কৰে পুত্ৰক ৷ ঘটনাস্থলীত জিলা আৰক্ষী অধীক্ষক সিংহৰাম মিলিসহ শীৰ্ষ আৰক্ষী বিষয়া উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে পিতৃ পুৰঞ্জয় নাথক বঙাইগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷

নিচাসক্ত পুত্ৰক হত্যা পিতৃৰ

জিলাখন ৰেড জ’ন ঘোষিত হোৱাৰ পিচত কনটেণ্টমেণ্ট অঞ্চলত জনশূন্য অৱস্থা আৰু আন্ধাৰৰ সুযোগতে হত্যাকাণ্ডটো সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে । আৰক্ষীয়ে যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে ৷

লগতে চাওকঃ3 মে'ৰ পাচত এসপ্তাহৰ বাবে জিলাসমূহক ৰেড, গ্ৰীণ জ'নত বিভক্ত

ABOUT THE AUTHOR

...view details