অসম

assam

বঙাইগাঁৱত আধাৰশিলা স্থাপন মাল্টি মডেল লজিষ্টিকচ পাৰ্কৰ

বঙাইগাঁৱৰ যোগীঘোপাত মঙলবাৰে মাল্টি মডেল লজিষ্টিকচ পাৰ্কৰ আধাৰ শিলা স্থাপন । কেন্দ্ৰীয় মন্ত্ৰী নিতিন গাডকাৰীয়ে ভিডিঅ’ কনফেৰেন্সযোগে কৰে আধাৰশিলা। কেইবাজনো মন্ত্ৰীসহ মুখ‍্যমন্ত্ৰী উপস্থিত থাকে যোগীঘোপাত ।

By

Published : Oct 20, 2020, 11:03 PM IST

Published : Oct 20, 2020, 11:03 PM IST

Updated : Oct 21, 2020, 4:02 PM IST

Multi moral logistic
Bongaigaon Multi modal logistic park

চিৰাং, 20 অক্টোবোৰ : বঙাইগাঁও জিলাৰ যোগীঘোপাৰ অশোক কাগজ কলৰ পৰিসৰত মঙলবাৰে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে দিল্লীৰ পৰা ভিডিঅ’ কনফাৰেন্সযোগে মাল্টি মডেল লজিষ্টিকচ পাৰ্কৰ আধাৰ শিলাৰ স্থাপন কৰে। কেন্দ্ৰীয় পথ পৰিবহন আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰণালয়ে NHDCLৰ সহযোগত বঙাইগাঁৱৰ যোগীঘোপাত নিৰ্মাণ কৰিবলৈ যোৱা দেশৰ প্ৰথমখন মাল্টি মডেল লজিষ্টিকচ পাৰ্ক প্ৰায় ছশ বিঘাৰ পৰিসৰ সাঙুৰি ল'ব। এই পাৰ্ক নিৰ্মাণত খৰচ হ'ব প্ৰায় ৭০০ কোটি টকা । কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে এক দৃশ্য-শ্ৰাব্য মাধ্যমৰ যোগেদি দিয়া ভাষণত দাবী কৰা মতে, এই পার্কখনে ২০ লাখ প্ৰত্যক্ষ আৰু পৰোক্ষ নিয়োগৰ ব্যৱস্থা কৰিব । লগতে সামগ্ৰীৰ মজুতকৰণ আৰু পৰিবহণত ১০ শতাংশ খৰচ ৰেহাই হ’ব ।

যোগীঘোপাত মুখ্যমন্ত্ৰী সোণোৱাল

এই পাৰ্কৰ জৰিয়তে উত্তৰ-পূৱৰ ব্যৱসায়ীয়ে আৰু ঔদ্যোগিক প্ৰতিষ্ঠানসমূহে চুবুৰীয়া বাংলাদেশ, ভূটান আৰু নেপালৰ সৈতে বাণিজ্যিক সম্পৰ্ক গঢ়াত সুবিধা পাব বুলিও দাবী কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । যোগীঘোপাৰ পাৰ্কখনত প্ৰতি বছৰে ১৩ মিলিয়ন মেট্ৰিক টন কাৰ্গ’ সঞ্চালন কৰাৰ সুবিধা থাকিব । একত্ৰিকৃত শীতল ভাণ্ডাৰৰ সুবিধাও থাকিব । স্থানীয় পৰ্যায়ত উৎপাদন সামগ্রীৰ প্ৰসাৰ প্ৰক্ৰিয়া সৰল কৰা হ'ব । কাৰ্গো, সামগ্ৰী মজুত কৰা, আৰু পাৰ্কীংৰ সুবিধা এটা স্থানতে প্ৰদান কৰা । এই লজিষ্টিক পাৰ্কত অসমৰ ২০ লক্ষাধিক নিৱনুৱাই কৰ্মসংস্থাপন লাভ কৰিব বুলি চৰকাৰৰ ফালৰ পৰা আশা ব‍্যাক্ত কৰে ।

কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে ভাষণত প্ৰকাশ কৰা মতে, এই পাৰ্কৰ নিৰ্মাণ কাৰ্য অহা নবেম্বৰ মাহত আৰম্ভ কৰা হ'ব আৰু ২০২৩ চনৰ ভিতৰত ইয়াৰ নিৰ্মাণ সম্পূৰ্ণ কৰা হ'ব। মন্ত্ৰী গাডকাৰীয়ে অসমত এনেকুৱা আৰু পাৰ্ক স্থাপনৰ বাবে চিন্তা কৰিবলৈ মুখ্যমন্ত্ৰী সোণোৱালক আহ্বান জনায়। মন্ত্ৰী গাডকাৰীয়ে ধুবুৰী আৰু ফুলবাৰী সংযোগী দলং এখন ব্ৰহ্মপুত্ৰৰ ওপৰত অচিৰেই নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰে ৷ চিৰাং জিলাৰ ছামঠাইবাৰীৰ পৰা ভূটানৰ গেলেফুলৈ যোৱা পথ নিৰ্মাণৰ কাম অচিৰেই হাতত লোৱা হ'ব বুলি মন্ত্ৰী গাডকাৰীয়ে কয় ।

বঙাইগাঁৱত আধাৰশিলা স্থাপন মাল্টি মডেল লজিষ্টিকচ পাৰ্কৰ

তেওঁৰ চৰকাৰৰ দিনত অসমে যিদৰে উন্নতি কৰিছে সেই বিষয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত চৰ্চা হোৱাৰ কথা প্ৰকাশ কৰি কয় যে, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰধান মন্ত্ৰী মোডীৰ লুক ইষ্ট পলিচিৰ বাবে অসম আৰু উত্তৰ পূৰ্বাঞ্চল উন্নয়নৰ পথত আগুৱাই যাব পাৰিছে । মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীক এই পাৰ্কৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। এই অনুষ্ঠানত মন্ত্ৰী ফণীভূষণ চৌধুৰী, চন্দ্ৰ মোহন পাটোৱাৰী, ৰামেশ্বৰ তেলী, ভিকে সিং, জিতেন্দ্ৰ সিং আৰু নীতিন গাদকাৰীয়ে ভাষণ দিয়ে ।

লগতে পঢ়ক :১৩ নৱেম্বৰলৈ বন্ধ থাকিব অসমৰ ছবিগৃহসমূহ

Last Updated : Oct 21, 2020, 4:02 PM IST

ABOUT THE AUTHOR

...view details