অসম

assam

ETV Bharat / state

গণ সুৰক্ষা পাৰ্টীৰ বিৰুদ্ধে ৰাজনৈতিক ষড়যন্ত্ৰ চলিছে : নৱ শৰণীয়া - Bongaigaon

বঙাইগাঁও প্ৰেছ ক্লাৱত কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ সংবাদমেল। কোকৰাঝাৰত আৰক্ষীয়ে নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ বাবে গ্ৰেপ্তাৰ কৰি গোটেই নিশা কোকৰাঝাৰ থানাত ৰাখে নৱ কুমাৰ শৰণীয়াক ৷ পিছত বুধবাৰে পুৱা জামিনত মুকলি হৈ আহি বঙাইগাঁৱত সংবাদমেলৰ আয়োজন কৰে সাংসদগৰাকীয়ে ।

bongaigaon-mp-naba-sarania-pressmeet
জামিনত মুকলি হৈ আহি সাংসদ নৱ শৰণীয়াৰ সংবাদমেল

By

Published : Dec 9, 2020, 5:39 PM IST

বঙাইগাঁও, 9 নৱেম্বৰ : বঙাইগাঁও প্ৰেছ ক্লাবত বুধবাৰে সংবাদমেল সম্বোধন কৰে কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াই । মঙলবাৰে নিশা কোকৰাঝাৰ জিলাৰ ছালাকাটিত থকা সতীৰ্থ তথা প্ৰয়াত আলফা নেতা উৎপল ৰাভাৰ ঘৰত ভাত খাই থকাৰ সময়তে শৰণীয়াক এচাম উদণ্ড লোকে ৰাইজক ধন বিলোৱাৰ অভিযোগত ঘেৰি ধৰাত পৰিস্থিতি উত্তপ্ত হৈ পৰে। ঘটনাটোৰ বিষয়ে অৱগত হৈ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ সাংসদ শৰণীয়াক আটক কৰি কোকৰাঝাৰ থানালৈ আনি নিশাটো আৱদ্ধ কৰি থয়।

জামিনত মুকলি হৈ আহি সাংসদ নৱ শৰণীয়াৰ সংবাদমেল

নিৰ্বাচনী বিধি ভংগ কৰাৰ অপৰাধত আৰক্ষীয়ে সাংসদ শৰণীয়াক গ্ৰেপ্তাৰ কৰে যদিও বুধবাৰে পুৱা জামিনত মুক্তি দিয়া হয়। বিটিচিত সাংসদ এগৰাকীৰ নিৰাপত্তাই যদি নাই তেন্তে সাধাৰণ মানুহৰ নিৰাপত্তা ক'ত বুলি প্ৰশ্ন উত্থাপন কৰে শৰণীয়াই। এই ঘটনাৰ আঁৰত বিপিএফ, বিজেপি আৰু ইউপিপিএল দলৰ লোক জড়িত থকা বুলি অভিযোগ উত্থাপন কৰিছে সাংসদ শৰণীয়াই । বিটিচিত গণ সুৰক্ষা পাৰ্টীৰ বিৰুদ্ধে ৰাজনৈতিক ষড়যন্ত্ৰ চলিছে বুলি সাংবাদিকৰ আগত মন্তব্য কৰে নৱ শৰণীয়াই ।
লগতে পঢ়ক: ক'ভিড-19 ৰ প্ৰতিষেধকৰ বুজ ল'বলৈ হাইদৰাবাদত 64 দেশৰ দূত

ABOUT THE AUTHOR

...view details