অসম

assam

By

Published : Jul 16, 2020, 3:05 PM IST

ETV Bharat / state

বানৰ কবলত বঙাইগাঁৱৰ আলগা নদী আৰক্ষী চকী

বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ অন্তৰ্গত মাজেৰ আলগা নদী আৰক্ষী চকী বানৰ কবলত । আৰক্ষী চকীৰ কোঠাসমূহ জলমগ্ন ৷

Bongaigaon Majer Alga river outpost in flood
বানৰ কবলত বঙাইগাঁৱৰ আলগা নদী আৰক্ষী চকী

বঙাইগাঁও, 16 জুলাই : বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ বৃহৎ অঞ্চল ব্ৰহ্মপুত্ৰ নৈৰ বানত বুৰ গৈছে । মহকুমাটোৰ তিনিখন গাঁও পঞ্চায়তৰ অধিকাংশ বানৰ মাজত । বাদ পৰা নাই ঔডুবি গাঁওস্থিত মাজেৰ আলগা নদী আৰক্ষী চকী ।

বানৰ কবলত বঙাইগাঁৱৰ আলগা নদী আৰক্ষী চকী
বানৰ কবলত বঙাইগাঁৱৰ আলগা নদী আৰক্ষী চকী

আৰক্ষী চকীখনৰ চাৰিওদিশে পানী থকাৰ লগতে কোঠাৰ ভিতৰত এককাঁল পানী । যন্ত্ৰচালিত এখন নাৱেৰেই চলিছে আৰক্ষী চকীখন । কুঁৱা আৰু দমকল পানীৰ তলত বুৰ যোৱাত দূৰৈৰ পৰা পানী আনি খাবলগীয়া হৈছে । আৰক্ষী চকীৰ শৌচালয়টোও পানীত বুৰ গৈছে । আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মফিদুল আলমে বানৰ মাজতো কৰ্তব্য সম্পাদন কৰি থকাৰ কথা জনায় ৷

বানৰ কবলত বঙাইগাঁৱৰ আলগা নদী আৰক্ষী চকী
বানৰ কবলত বঙাইগাঁৱৰ আলগা নদী আৰক্ষী চকী

লগতে পঢ়ক :বিটিচিত বিপিএফৰে মিত্ৰতা অস্বীকাৰ বিজেপিৰ

ABOUT THE AUTHOR

...view details