অসম

assam

By

Published : Aug 30, 2019, 8:17 PM IST

ETV Bharat / state

বঙাইগাঁৱত পথ নিৰ্মাণত দুৰ্নীতি

মন্ত্ৰী ফণীভূষণৰ ঘনিষ্ঠ ঠিকাদাৰৰ কামৰ নমুনা ৷ পোহৰলৈ আহিছে অতি নিম্নমানৰ পথ নিৰ্মাণৰ তথ্য ৷

বঙাইগাঁৱত নিৰ্মানৰ পাছতেই বিধস্ত পথ

চিৰাঙ,30 আগষ্ট: পকীকৰণৰ পাছতেই বিধস্ত হ'ল বঙাইগাঁও জিলাৰ ধনতলা-বামুনিটিলা সংযোগী পথচোৱা ৷ নিৰ্মাণৰ কেইদিন মান পাছতেই এতিয়া বখলা-বখলে খহিছে পকী পথৰ মাজৰ একাংশ ৷ মন্ত্ৰী ফণীভূষণ চৌধৰীৰ নিজ সমষ্টিতেই পথ নিৰ্মাণত সংঘটিত হৈছে দুৰ্নীতি৷ মন্ত্ৰীৰ ঘনিষ্ঠ জনৈক অজিত নামৰ ঠিকাদৰজনৰ বিৰুদ্ধে উঠিছে পথছোৱা নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ ৷ যাৰ ফলত এতিয়া জাঙুৰ খাই উঠিছে বঙাইগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি ৷

কেৱল ধনতলা-বামুনিটিলা সংযোগী পথেই নহয় জিলাখনৰ আন আন প্ৰান্তত পথ নিৰ্মাণত অনিয়মৰ অভিযোগ কৃষক মুক্তিৰ ৷ অতি শীঘ্ৰে গড়কাপ্তানি বিভাগক পথ মেৰামতিৰ আহ্বান জনাই জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক নন্দন দেৱ নাথে কয়, প্ৰয়োজনত আৰটিআইৰ জড়িয়তেও পোহৰলৈ আনিব দুৰ্নীতিৰ তথ্য ৷

মন্ত্ৰী ফনিভূষণৰ ঘনিষ্ঠ ঠিকাদাৰৰ কামৰ নমুনা

ABOUT THE AUTHOR

...view details