অসম

assam

ETV Bharat / state

প্ৰসংগ BTR : বঙাইগাঁৱত সদৌ অসম কোঁচৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ ধৰ্ণা কাৰ্যসূচী - BTR

বঙাইগাঁৱত সদৌ অসম কোঁচৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ ৩ ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী। বঙাইগাঁও জিলা সমিতিয়ে আয়োজন কৰা এই কাৰ্য‍সূচীত বিটিআৰত নতুন গাঁও অন্তৰ্ভূক্ত কৰাৰ বিৰোধিতা কৰে।

প্ৰসংগ BTR
প্ৰসংগ BTR

By

Published : Feb 19, 2020, 7:31 PM IST

Updated : Feb 20, 2020, 7:24 AM IST

বঙাইগাঁও, 19 ফেব্ৰুৱাৰীঃ বুধবাৰে সদৌ কোঁচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ বঙাইগাঁও জিলা সমিতিয়ে আয়োজন কৰে 3 ঘন্টীয়া ধৰ্ণা কাৰ্য‍সূচী ৷ সংগঠনটোৱে এই কাৰ্যসূচীত বঙাইগাঁও জিলা উপায়ুক্তৰ দ্বাৰা অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক প্ৰদান কৰে । স্মাৰকৰ জৰিয়তে, বঙাইগাঁও জিলাৰ পাৰ্শ্বৱৰ্তী অবড়ো গাঁওসমূহ বিটিআৰৰ পৰা কৰ্তন কৰি বঙাইগাঁও জিলাত অন্তৰ্ভূক্ত কৰাৰ দাবী জনায় ।

প্ৰসংগ BTR

ইয়াৰোপৰি, বঙাইগাঁও জিলাৰ কোনো অঞ্চল বিটিআৰৰ অন্তৰ্ভূক্ত নকৰিবলৈয়ো দাবী জনায় সংগঠনটোৱে । বিটিচি গঠনৰ সময়ত বঙাইগাঁও জিলাৰ পৰা বলপূৰ্বকভাৱে বঙাইগাঁও জিলাৰ চিদলী ৰাজহ চক্ৰৰ ২৮ খন অবড়ো গাঁও, কোকৰাঝাৰ ৰাজহ চক্ৰৰ ১৮ খন অবড়ো গাঁও আৰু বিজনী ৰাজহ চক্ৰৰ ১৩ খন গাঁও বিটিচিৰ অন্তৰ্ভুক্ত কৰা হৈছিল। সেয়ে এই ধৰ্ণাৰ জৰিয়তে বিটিআৰৰ পৰা এই ৫২ খন গাঁও কৰ্তনৰ দাবী জনাইছে সংগঠনটোৱে।

শেহতীয়াকৈ বঙাইগাঁও জিলাৰো একাংশ ঠাই বিটিআৰৰ অন্তৰ্ভূক্ত কৰিবলৈ মাপজোখ কৰাৰ অভিযোগ কৰে সংগঠনটোৰ নেতৃত্বই। বিশেষকৈ নিউ বঙাইগাঁৱৰ ৰে'ল কাৰখানা বিটিআৰৰ অন্তৰ্ভূক্ত কৰাৰ চেষ্টা কৰা বুলিয়ো অভিযোগ উত্থাপন কৰিছে সংগঠনটোৱে ।

লগতে পঢ়কঃ বঙাইগাঁৱত নামনিমুৱা ত্ৰিবান্দ্ৰম এক্সপ্ৰেছৰ খুন্দাত থিতাতে নিহত দম্পতী

Last Updated : Feb 20, 2020, 7:24 AM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details