অসম

assam

ETV Bharat / state

বঙাইগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এই অৱৰোধ - বঙাইগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এই অৱৰোধ

অতি শীঘ্ৰে গড়কাপ্তানী বিভাগে পথচোৱা মেৰামতি নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিছে স্থানীয় ৰাইজে ৷ বঙাইগাঁও বিধানসভা সমষ্টিৰ ৩৫ বছৰৰ পৰা হৈ অহা বিধায়ক তথা বৰ্তমানৰ মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে নিজেও কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ ।

বঙাইগাঁও জিলা

By

Published : Oct 24, 2019, 3:10 PM IST

বঙাইগাঁও, 24 অক্টোবৰ:বৃহস্পতিবাৰে বঙাইগাঁও জিলাৰ বাসুগাঁও-তালগুৰী গড়কাপ্তানী পথত, পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷ উক্ত বাসুগাঁও-তালগুৰী গড়কাপ্তানী পথৰ পঞ্চগাঁও এলেকাৰ পথচোৱা ক্ৰমাৎ জহি-খহি যোৱাত বিপদ সংকুলভাৱে যাতায়ত কৰিবলগীয়া হৈছে পথচাৰীসকলে ৷ ফলত বহু সমস্যাৰ সন্মুখীন আহিছে ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অঞ্চলবাসী ৷ উক্ত পথছোৱাৰ ফলত ইতিমধ্যে বহু দুৰ্ঘটনা সংঘটিত হৈ আহিছে যদিও কাণসাৰ নাই প্ৰতিনিধিৰ ৷ আনহাতে এই সম্পৰ্কত গড়কাপ্তানী বিভাগক বহুবাৰ অৱগত কৰোৱাৰ পিচতো কেনো গুৰুত্ব প্ৰদান নকৰাত বৃহস্পতিবাৰে স্থানীয় ৰাইজৰ সহযোগত বঙাইগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে ৷

কৃষক মুক্তি সংগ্ৰাম সমিতি

For All Latest Updates

ABOUT THE AUTHOR

...view details