অসম

assam

ETV Bharat / state

উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল চক্ৰ বিষয়া কাৰ্যালয়ৰ কৰ্মচাৰী - কৃষক মুক্তি সংগ্ৰাম সমিতি

স্থানীয় ৰাইজ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অভিযোগ অনুসৰি চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ চক্ৰ বিষয়া পাৰ্থ প্ৰতীম নেওগৰ প্ৰত্যক্ষ সহযোগত চলি আহিছিল উৎকোচৰ এই বেপাৰ ৷

বঙাইগাঁও

By

Published : Nov 14, 2019, 8:22 PM IST

বঙাইগাঁও, 14 নৱেম্বৰ :বঙাইগাঁও জিলাৰ বইটামাৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত দুৰ্নীতি ৷ কিছুদিনমান পূৰ্বে কাৰ্যালয়টোত কৰ্মৰত দুজন লাট মণ্ডল ধৰণী ৰায় আৰু ধনেশ্বৰ সৰকাৰৰ অবাধ লুণ্ঠনৰ কথা ফাদিল হোৱাৰ পিচত পুনৰ কাৰ্যালয়টোৰ কৰ্মচাৰীৰ নিৰ্লজ্জ কাণ্ড বন্দী হৈছে সংবাদ মাধ্যমৰ কেমেৰাত ৷ কাৰ্যালয়টোৰ কৰ্মচাৰী কহিনুৰ দাসে আদম আলী নামৰ এজন লোকৰ পৰা উৎকোচ লোৱাৰ দৃশ্য বন্দী হ’ল সংবাদ মাধ্যমৰ গোপন কেমেৰাত ৷

ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়

লগতে চাঁওকধেমাজি সাংবাদিক নিগ্ৰহৰ ঘটনা:আটক কৰিব পৰা নাই অভিযুক্তক

উল্লেখ্য যে স্থানীয় ৰাইজ আৰু জিলাখনৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অভিযোগ অনুসৰি কাৰ্যালয়টোৰ চক্ৰ বিষয়া পাৰ্থ প্ৰতীম নেওগৰ প্ৰত্যক্ষ সহযোগত চলি আহিছে উৎকোচৰ এই বেপাৰ ৷ বইটামাৰীৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত দুই লাট মণ্ডলে বৃহৎ অংকৰ বিনিময়ত চৰকাৰী ভূমি একাংশ লোকক নামজাৰী কৰি দিয়াৰ পিচতো তেওঁলোকৰৰ ওপৰত আজিলৈ কোনো বিহিত ব্যৱস্থা লোৱা নাই প্ৰশাসনে ৷ জিলাখনৰ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু সংবাদ মাধ্যমৰ যুটীয়া অভিযানত পোহৰলৈ আহে কাৰ্যালয়টোত চলি থকা দুৰ্নীতিৰ ঘটনা ৷ উক্ত ঘটনাৰ পিচত কৰ্মচাৰী কেইজনৰ ওপৰত প্ৰশাসনে কি পদক্ষেপ ল'ব সেয়া লক্ষ্যণীয় হ'ব ৷

ABOUT THE AUTHOR

...view details