বঙাইগাঁও 24 মেঃসোমবাৰে বঙাইগাঁও চহৰত জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে শিখৰ কোম্পানীৰ বাংলা ভাষাত লিখা পোষ্টাৰ বেনাৰ ফালি জ্বলাই প্ৰতিবাদ জনায় । ভাৰতৰ অন্যান্য ৰাজ্যত যদি ৰাজ্যিক ভাষাৰ পোষ্টাৰ বেনাৰ চলে অসমত কিয় নচলিব । পঞ্জাৱত পাঞ্জাবী,গুজৰাটত গুজৰাটী,তামিলনাডুত তামিল ভাষাৰ পোষ্টাৰ থাকিলে অসমত কিয় অসমীয়া ভাষাৰ পোষ্টাৰ বেনাৰ নাথাকিব । সেয়ে বঙাইগাঁও জিলা সমিতি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে জিলা প্ৰশাসনক এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ বাবে এমাহ সময় দিছে ৷ ইয়াৰ ভিতৰত যদি জিলা প্ৰশাসনে এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে কৃষক মুক্তিয়ে নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিব বুলি সকীয়নি প্ৰদান কৰে ।
বঙাইগাঁৱত অনা অসমীয়া পোষ্টাৰ বেনাৰ ফালি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ - poster banner
বঙাইগাঁও চহৰত জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে শিখৰ কোম্পানীৰ বাংলা ভাষাত লিখা পোষ্টাৰ বেনাৰ ফালি জ্বলাই প্ৰতিবাদ জনায় । ভাৰতৰ অন্যান্য ৰাজ্যত যদি ৰাজ্যিক ভাষাৰ পোষ্টাৰ বেনাৰ চলে অসমত কিয় নচলিব । পঞ্জাৱত পাঞ্জাবী,গুজৰাটত গুজৰাটী,তামিলনাডুত তামিল ভাষাৰ পোষ্টাৰ থাকিলে অসমত কিয় অসমীয়া ভাষাৰ পোষ্টাৰ বেনাৰ নাথাকিব ।
বঙাইগাঁৱত অনা অসমীয়া পোষ্টাৰ বেনাৰ ফালি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ
বঙাইগাঁও জিলাৰ চৰকাৰী কাৰ্যালয়,বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান আদিত অসমীয়া ভাষাৰ সলনি অন্যান্য ভাষাৰ পোষ্টাৰ থকাৰ পিচতো আছু বা অসম সাহিত্য সভাই কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল । সোমবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে বঙাইগাঁও চহৰত অসমীয়া ভাষা প্ৰতিষ্ঠাৰ বাবে যি ব্যৱস্থা গ্ৰহণ কৰিলে সেয়া বঙাইগাঁও জিলাবাসীয়ে শলাগিছে ৷