বঙাইগাঁও, 1 চেপ্টেম্বৰ : বঙাইগাঁও জিলাৰ বীৰঝোৰা পাব্লিক লাইব্ৰেৰীত মঙলবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ যায় ৷
নামনি অসমত নিৰ্বাচনী কুচকাৱাজ কৃষক মুক্তিৰ - নাগৰিকত্ব সংশোধনী আইন
বঙাইগাঁৱৰ বীৰঝোৰা পাব্লিক লাইব্ৰেৰীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা । ৰাজনৈতিক দল গঠনৰ পিচত নামনি অসমত প্ৰথম কুচকাৱাজ কৃষক মুক্তিৰ ।
কৃষক মুক্তিৰ নেতা অনিল বড়ো, ধৈৰ্য্য কোঁৱৰ, বিতু সোনোৱাল, ৰাতুল হুচেইনকে আদি কৰি সকলো সদস্য আহি উপস্থিত হয় বঙাইগাঁওত । উক্ত সভাত সাংগঠনিক আলোচনাৰ লগতে আগন্তুক ২০২১ৰ বিধান সভা নিৰ্ব্বাচনত বিজেপি দলক পৰাজিত কৰাৰ বাবে ৰণকৌশল তৈয়াৰ কৰা হয় । যিহেতু কৃষক মুক্তিয়ে ৰাজনৈতিক দলৰ জন্ম দিছে সেয়ে ৰাজনৈতিক দল গঠনৰ পিচত এয়াই প্ৰথম নামনি অসমত কৃষক মুক্তিয়ে সভা অনুষ্ঠিত কৰিছে । কৃষক মুক্তিয়ে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰাৰ লগতে বিজেপি দলৰ একনায়কত্ববাদ ওফৰাই দিয়াৰ প্ৰচেষ্টা হাতত লৈছে মন্তব্য কৰে কৃষক মুক্তিৰ নেতাসকলে ।