বঙাইগাঁও, 1 ফেব্ৰুৱাৰীঃ প্ৰকৃতিৰ নৈসৰ্গিক পৰিৱেশৰ আন এক নাম অসম ৷ অসমৰ এনেকুৱা কিছুমান ঠাই আছে য’ত পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় ৷ কিন্তু আৱিষ্কাৰৰ অভাৱেই হওক বা বিভাগীয় অৱহেলাই হওক আজিও প্ৰচাৰবিমূখ এনে কিছুমান ঠাই ৷ এনে এক ঠাই আছে বঙাইগাঁৱৰ ঔডুবিত ৷ দুখন নৈৰ সংগমথলীয়ে ৰূপ লৈছে ভাৰতবৰ্ষৰ মেপ সদৃশ ৷ পৰ্যটনৰ বাবে প্ৰচুৰ সম্ভাৱনাপূৰ্ণ এই ঠায়ে পৰ্যাপ্ত পৰিমাণে লাভ কৰা নাই প্ৰচাৰ ৷ বঙাইগাঁৱৰ মাজেৰে বৈ যোৱা চম্পাৱতী নৈ আৰু টুনীয়া নৈৰ সংগমথলীত দেখিবলৈ পোৱা গৈছে এনে বিৰল দৃশ্য ৷ দুই নৈৰ সংগমথলী দেখিবলৈ সাইলাখ ভাৰতৰ মেপৰ দৰে ৷ পথৰ পৰাই এই বিৰল আৰু অনুপম দৃশ্য দেখিবলৈ পোৱা যায় যদিও পাহাৰৰ ওপৰৰ পৰা দৃশ্যটো স্পষ্টভাৱে উদ্ভাসিত হৈ উঠা পৰিলক্ষিত হয় ৷
সাইলাখ ভাৰতৰ মেপৰ দৃশ্য হৈ পৰিছে আকৰ্ষণৰ কেন্দ্ৰবিন্দু - সাইলাখ ভাৰতৰ মেপৰ দৃশ্য হৈ পৰিছে আকৰ্ষণৰ কেন্দ্ৰবিন্দু
পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনাপূৰ্ণ ঠাই বঙাইগাঁৱৰ ঔডুবিলৈ গুৰুত্ব দিব নে বিভাগীয় কৰ্তৃপক্ষই ? সাইলাখ ভাৰতৰ মেপৰ দৃশ্যৰ নান্দনিক পৰিৱেশ চাবলৈ হেঁপাহ জাৰিব নে পৰ্যটকৰ ?
উল্লেখ্য যে বাৰিষা কালত যেতিয়া দুয়োখন নৈ ফেনে-ফোটোকাৰে উথলি উঠে তেতিয়াই এই দৃশ্যই ধাৰণ কৰে নান্দনিক ৰূপ ৷ যেন দক্ষিণ ভাৰতৰ সাগৰৰ দৃশ্যৰ এক হুবহু ৰূপ ৷ পৰ্যটনৰ বাবে প্ৰচুৰ সম্ভাৱনা থকা এই ঠাইলৈ কিন্তু এতিয়ালৈ দৃষ্টিগোচৰ দিয়া নাই পৰ্যটন বিভাগে ৷ অসম পৰ্যটন বিভাগে যদি বঙাইগাঁও জিলাৰ এনেবোৰ অঞ্চল তথা অসমৰ আন আন এনেধৰণৰ প্ৰচাৰবিমূখ ক্ষেত্ৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰে তেন্তে নিশ্চয় সেই অঞ্চলসমূহ পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব ৷ সেয়ে এতিয়া স্থানীয় বাসিন্দাই এইসমূহ পৰ্যটন ক্ষেত্ৰৰ ওপৰত বিভাগীয় কৰ্তৃপক্ষই গুৰুত্ব দিয়াৰ বাবে অনুৰোধ জনোৱাৰ লগতে আশা প্ৰকাশ কৰিছে ৷
আৰু পঢ়কঃসদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজৰ অধিৱেশনক লৈ বিহপুৰীয়াত উৎসৱমুখৰ পৰিৱেশ