বঙাইগাঁও, 23 আগষ্টঃবঙাইগাঁৱত ৰে’লৰ অবৈধ ই-টিকট বিক্ৰী কৰা এজেন্ট গ্ৰেপ্তাৰ ৷ ৰঙিয়া-বঙাইগাঁৱৰ আৰপিএফৰ যৌথ অভিযানত উত্তৰ বঙাইগাঁও চহৰৰ "জৈন টুৰ এণ্ড চাৰ্ভিচ"ৰ পৰা আটক কৰে নয়ন জৈন নামৰ যুৱকজনক ৷ অভিযানত নয়ন জৈনৰ পৰা এটা লেপটপ,প্ৰিন্টাৰ এটা,এটা মোবাইল,ডংগুল দুটা জব্দ কৰে আৰপিএফে । ইতিমধ্যে নিউ বঙাইগাঁও আৰপিএফে নয়ন জৈনক গ্ৰেপ্তাৰ কৰি ভাৰতীয় দণ্ডবিধিৰ লগতে ৰে’ল আইন ১৪৩ অনুসৰি ১২৩/২০২০ নম্বৰত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে ৷
বঙাইগাঁৱত ৰে’লৰ অবৈধ ই-টিকট বিক্ৰী কৰা এজেন্ট গ্ৰেপ্তাৰ - বঙাইগাৱঁত ৰে’লৰ অবৈধ ই টিকট বিক্ৰী বাতৰি
ৰঙিয়া-বঙাইগাঁৱৰ আৰপিএফৰ যৌথ অভিযানত উত্তৰ বঙাইগাঁও চহৰৰ "জৈন টুৰ এণ্ড চাৰ্ভিচ"ৰ পৰা আটক কৰে নয়ন জৈন নামৰ যুৱকজনক ৷ অভিযানত নয়ন জৈনৰ পৰা এটা লেপটপ,প্ৰিন্টাৰ এটা,এটা মোবাইল,ডংগুল দুটা জব্দ কৰে আৰপিএফে ।

বঙাইগাৱঁত ৰে’লৰ অবৈধ ই টিকট বিক্ৰী কৰা এজেন্ট গ্ৰেপ্তাৰ
উল্লেখ্য যে, বিগত বৰ্ষত নয়নে ১৭৭ খন ৰে’লৰ টিকটৰ মুঠ ৫৪৯৭৬৫.০০ টকাৰ টিকট বিক্ৰী কৰাৰ তথ্য লাভ কৰিছে চিআইডিৰ দলে ৷ ৰে’লৰ ই টিকটৰ লগতে উৰাজাহাজৰ টিকটো যোগান ধৰি আহিছিল নয়নে ৷
লগতে পঢ়ক-কংগ্ৰেছ-এআইইউডিফ মিত্ৰতাৰ বিৰোধিতা বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ