অসম

assam

ETV Bharat / state

বঙাইগাঁৱত বৃহৎ পৰিমাণৰ নিচাজাতীয় ঔষধ জব্দ - OWNREX নামৰ নিষিদ্ধ

বঙাইগাঁও জিলাৰ বইটামাৰীত আৰক্ষীৰ অভিযানত OWNREX নামৰ নিষিদ্ধ ক’ফ চিৰাপ বটল জব্দ। গুৱাহাটীৰ পৰা ধুবুৰীলৈ লোৱাৰ পথত আৰক্ষীয়ে জব্দ কৰে নিষিদ্ধ নিচাজাতীয় ঔষধখিনি ।

Bongaigaon illegal medicines seized
বঙাইগাঁৱত বৃহৎ পৰিমাণৰ নিচাজাতীয় ঔষধ জব্দ

By

Published : Sep 22, 2020, 9:19 PM IST

বঙাইগাঁও,22 ছেপ্তেম্বৰঃ বঙাইগাঁও জিলাৰ বইটামাৰীত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমানৰ নিচাযুক্ত ঔষধ জব্দ । মঙলবাৰে দুপৰীয়া ঔম লজিষ্টিক নামৰ ট্ৰেনছপৰ্টৰ বাহনৰ পৰা জব্দ কৰে নিচাযুক্ত ঔষধখিনি । গুৱাহাটীৰ পৰা এ-এচ-২৫-এচি-১০১৩ নম্বৰ গাড়ীৰে আনি আছিল বঙাইগাঁও অভিমুখে ।

বঙাইগাঁৱত বৃহৎ পৰিমাণৰ নিচাজাতীয় ঔষধ জব্দ

উল্লেখযোগ্য যে, ঔষধখিনিৰ ভিতৰত OWNREX নামৰ 3900 নিষিদ্ধ ক’ফ চিৰাপ বটল জব্দ কৰে আৰক্ষীয়ে। জানিব পৰা মতে, গুৱাহাটীৰ পৰা ধুবুৰী জিলাৰ চাপৰলৈ সৰবৰাহ কৰা হৈছিল উক্ত নিচাজাতীয় দ্ৰব্যখিনি । ইপিনে অভিযানৰ সময়ত ঔষধ সৰবৰাহৰ সৈতে জড়িত দুজনক আটক কৰিছে বইটামাৰী আৰক্ষীয়ে । আটকাধীন ঔষধসৰবৰাহী কেইজন হৈছে পানেশ্বৰ নাৰ্জাৰী আৰু ৰূপম দাস ৷ আনহাতে প্ৰায়েই ৰাষ্ট্ৰীয় ঘাই পথেৰে নিচাজাতীয় নিষিদ্ধ ঔষধ সৰবৰাহৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে । অন‍্যান‍্য অত‍্যাৱশ্যকীয় ঔষধৰ লগতে নিষিদ্ধ ঔষধ সৰবৰাহ কৰে দুষ্টচক্ৰই। সম্প্ৰতি যুৱ প্ৰজন্মক নিচাজাতীয় ঔষধ খুৱাই ধ্বংসৰ মুখলৈ ঠেলি দিয়াৰ চেষ্টা কৰিছে ড্ৰাগচ মাফীয়াই।

বঙাইগাঁৱত বৃহৎ পৰিমাণৰ নিচাজাতীয় ঔষধ জব্দ
লগতে পঢ়কঃহানি ট্ৰেপিঙৰে জড়িত 5জনকৈ যুৱকক হাউলীত গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details