বঙাইগাঁও, 19 মাৰ্চঃবঙাইগাঁৱৰ ধনতোলাত জব্দ 3 খন চোৰাং গৰু কঢ়িওৱা বাহন । বিদ্যাপুৰৰ পৰা লেংটিছিঙালৈ লৈ যোৱা অৱস্থাত স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে জব্দ কৰে বাহনকেইখন ৷ বাহনকেইখনৰ পৰা ১২ টা বহিঃ ৰাজ্যৰ গৰু জব্দ কৰে। ইফালে আৰক্ষীৰ উপস্থিতিৰ উমান পাই আন ৮ টা গৰুসহ দুখন বাহন পলাই সাৰিবলৈ সক্ষম হয়। ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । জব্দকৃত বাহন কেইখনৰ নম্বৰ- AS-26-C-7263, AS-15-AC-1183 আৰু AS-19-C-8073 ৷
বঙাইগাঁৱত চোৰাং গৰু কঢ়িওৱা বাহন জব্দ - বিদ্যাপুৰৰ পৰা লেংটিছিঙা
বঙাইগাঁৱৰ ধনতোলাত 3 খন চোৰাং গৰু কঢ়িওৱা বাহন জব্দ কৰে আৰক্ষীয়ে ৷ স্থানীয় ৰাইজৰ সহযোগত বাহনকেইখনৰ পৰা ১২ টা বহিঃ ৰাজ্যৰ গৰু জব্দ কৰে
বঙাইগাঁৱত চোৰাং গৰু কঢ়িওৱা বাহন জব্দ