বঙাইগাঁওত নাৰী সৰবৰাহকাৰী চক্ৰৰ পৰা উদ্ধাৰ 5 নাবালিকা কিশোৰী - অনিমা সিংহ
বঙাইগাঁওত উদ্ধাৰ 5 গৰাকী নাবালিকা কিশোৰী ৷ নিউ বঙাইগাঁও ৰেল ষ্টেচনত ৰেল'ৰ পৰা আৰ.পি.এফে উদ্ধাৰ কৰে এগৰাকী মহিলাসহ 5 গৰাকী কিশোৰী ৷

বঙাইগাঁও, 11 ছেপ্তেন্বৰঃ বঙাইগাঁওত উদ্ধাৰ 5 গৰাকী নাবালিকা কিশোৰী ৷ নিউ বঙাইগাঁও ৰেল ষ্টেচনত ৰেল'ৰ পৰা আৰ.পি.এফে উদ্ধাৰ কৰে এগৰাকী মহিলাসহ 5 গৰাকী কিশোৰী ৷ ৰেল বিভাগৰ গোপন তথ্যৰ ভিত্তিত ৰঙিয়া আৰু নিউ বঙাইগাঁওৰ আৰ.পি.এফে নামনিমুৱা উখা এক্সপ্ৰেচত অভিযান চলাই উদ্ধাৰ কৰে কিশোৰী কেইগৰাকীক ৷ অনিমা সিংহ নামৰ মহিলাগৰাকী এই নাৰী সৰবৰাহকাৰী চক্ৰত জড়িত থকা বুলি আৰ.পি.এফৰ সহকাৰী বিষয়া সোহনলাল প্ৰধানে প্ৰকাশ কৰে ৷ উল্লেখ্য যে কিছুদিন পুৰ্ব্বেও ৰেলৰ পৰা বহি:ৰাজ্যলৈ সৰবৰাহ কৰিব খোজা দুগৰাকী কিশোৰীক উদ্ধাৰ কৰিছিল আৰ.পি.এফে ৷ সঘনে সংঘটিত হৈ থকা এনে ঘটনাৰ বাবে আৰ.পি.এফে অভিযান চলাইছিল ৷