মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ১৯ গৰাকী মহিলা
নিউ বঙাইগাঁও ৰে'ল জংচনত মানৱ সৰবৰাহকাৰীৰ পৰা উদ্ধাৰ ১৯ গৰাকী মহিলা। বিক্ৰীৰ বাবে বহিঃৰাজ্যলৈ লৈ যোৱাৰ মুহুৰ্ততে আৰক্ষীয়ে উদ্ধাৰ কৰে মহিলাকেইগৰাকীক ।
বঙাইগাঁও, 15 জুলাইঃ ৰাজ্যত অব্যাহত মানৱ সৰবৰাহ কাণ্ড ৷ বান পানীৰ সুযোগ লৈ একাংশ দুষ্টচক্ৰই অব্যাহত ৰাখিছে অসমৰ পৰা বহি ৰাজ্যত পুৰুষ,মহিলা,শিশু সৰবৰাহৰ কাণ্ড ৷ সোমবাৰে নিউ বঙাইগাঁও ৰে'লৱে জংচনত আৰক্ষীয়ে আটক কৰে মুঠ 19 গৰাকী মহিলাক ৷ উষা এক্সপ্ৰেছ যোগে গুজৰাটলৈ নিয়াৰ পৰিকল্পনা কৰি থকাৰ সময়তে উদ্ধাৰ কৰা হয় দলটোক ৷ অসমৰ পৰা বহি ৰাজ্য গুজৰাটত চাকৰি দিম বুলি প্ৰলোভন দি লৈ যোৱাৰ সন্দেহ কৰে আৰক্ষীৰ ৷ ঘটনাৰ মূল অভিযুক্ত তামোলপুৰৰ ভনিতা বৰ্মন আৰু বকোৰ বিকাশ ৰাভাক আটক কৰে আৰক্ষীয়ে ৷