বঙাইগাঁও,8 জুনঃবঙাইগাঁও জিলাৰ অভয়াপুৰীৰ টুলুঙীয়াত আনন্দৰ বন্যা । ৮৫ শতাংশ নম্বৰেৰে সুখ্যাতিৰে উত্তীৰ্ণ হৈছে হোটেলত কাম কৰা কিশোৰ সুবল ৰায় ৷ পিতৃ-মাতৃহীন এগৰাকী অতি নিঠৰুৱা ছাত্ৰই জীৱিকাৰ তাড়নাত দোকানত কাম বিচাৰি আহিছিল ৷ দোকানত সহায়ক হিচাপে কামো কৰিছিল কিন্তু কিছু সময়ৰ পিছত দয়ালু দোকানৰ গৰাকী ৰতিন ৰায়ে সুবলক নিজৰ পালিত ল'ৰাৰ দৰে ঘৰতে ৰাখি বিদ্যালয়ত নাম লগাই দিয়ে আৰু এতিয়া সেই গৰাকী ছাত্ৰই আনৰ ঘৰত থাকি দোকানত কাম কৰাৰ লগতে পঢ়া শুনা কৰি সুখ্যাতি অৰ্জন কৰিছে ৷ শনিবাৰে ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ পিছত সফলতাৰে উত্তীৰ্ণ হোৱাত আনন্দৰ বন্যা বৈছে সমগ্ৰ পৰিয়ালটোত ৷
ডিষ্টিংচন লাভ কৰিছে হোটেলত কাম কৰা এগৰাকী কিশোৰে - অভয়াপুৰীৰ টুলুঙীয়াৰ সমাজসেৱক, ব্যৱসায়ী ৰতিন ৰায়
বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ টুলুঙীয়াত আনন্দৰ বন্যা । ৮৫ শতাংশ নম্বৰেৰে সুখ্যাতিৰে উত্তীৰ্ণ হৈছে হোটেলত কাম কৰা কিশোৰ সুবল ৰায়ে ৷ হোটেলৰ ব্যৱসায়ী গৰাকীয়ে ঘৰৰ ল'ৰাৰ দৰে ৰাখি পঢ়া-শুনাৰ ব্যৱস্থা কৰি দিছিল কিশোৰ গৰাকীক ৷
![ডিষ্টিংচন লাভ কৰিছে হোটেলত কাম কৰা এগৰাকী কিশোৰে bongaigaon hotel boy success in H.S.L.C examination](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7524495-thumbnail-3x2-a.jpg)
ডিষ্টিংচন লাভ কৰিছে হোটেলত কাম কৰা এগৰাকী কিশোৰে
ডিষ্টিংচন লাভ কৰিছে হোটেলত কাম কৰা এগৰাকী কিশোৰে
লগতে পঢ়কঃ উদ্ধৱ থাকৰেয়ে প্ৰশংসা কৰিলে অভিনেতা চনু সুদক