অসম

assam

ETV Bharat / state

গৰীয়া মৰীয়া উন্নয়ন পৰিষদৰ লগতে দেশীয় উন্নয়ন পৰিষদ গঠনৰ দাবী - আইনী ব‍্যৱস্থা

গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ নাম লৈ অইন সংগঠনে কাৰ্য চলাই থকাৰ বিৰুদ্ধে আইনী ব‍্যৱস্থা লোৱাৰ বাবে কেন্দ্ৰীয় সমিতিক দায়িত্ব অৰ্পণ কৰে বুলি জনায় সভাপতি শ্বাহনাৱাজ হুছেইনে ।

bongaigaon-goria-moria-meeting
গৰীয়া মৰীয়া উন্নয়ন পৰিষদৰ লগতে দেশীয় উন্নয়ন পৰিষদ গঠনৰ দাবী

By

Published : Oct 3, 2020, 9:51 PM IST

চিৰাং, 3 অক্টোবৰ: বঙাইগাঁৱত গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় ৷ বঙাইগাঁও চহৰত থকা অসম কৃষ্টি বিকাশ সংঘত অনুষ্ঠিত হয় এই সভা । পৰিষদৰ কেন্দ্ৰীয় সভাপতি শ্বাহনাৱাজ হুছেইনৰ সভাপতিত্বত অনুষ্টিত সভাত অসমৰ ২২ টা জিলা সমিতিয়ে অংশগ্ৰহণ কৰে উক্ত সভাত ।

সভাত গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ সংবিধানৰ কিছু দফা সংশোধনৰ প্ৰস্থাৱ গ্ৰহণ কৰা হয় । উক্ত সভাতে কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক চহিদ আলী আহমেদক যুগ্ম সম্পাদক হিচাবে নিযুক্ত কৰা হয় । লগতে সভাত সদৌ অসম গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ মহিলা মৰ্চা গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰে।

অসম চৰকাৰে গঠন কৰিবলৈ লোৱা গৰীয়া আৰু মৰীয়া উন্নয়ন পৰিষদ সমান্তৰালকৈ দেশী উন্নয়ন পৰিষদ গঠনৰ বাবে চৰকাৰলৈ দাবী জনাই প্ৰস্তাৱ গ্ৰহণ কৰে । ইয়াৰ বাবে গৰীয়া মৰীয়া আৰু দেশী উন্নয়ন পৰিষদ গঠনৰ দাবী জনায় প্ৰতিখন জিলাৰ উপায়ুক্ত আৰু মহকুমাধিপতিৰ জৰিয়তে চৰকাৰলৈ স্মাৰক প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

ইয়াৰোপৰি গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ নাম লৈ অইন সংগঠনে কাৰ্য চলাই থকাৰ বিৰুদ্ধে আইনী ব‍্যৱস্থা লোৱাৰ বাবে কেন্দ্ৰীয় সমিতিক দায়িত্ব অৰ্পণ কৰে বুলি জনায় সভাপতি শ্বাহনাৱাজ হুছেইনে ।

লগতে পঢ়ক : জালান চাহ বাগিছাত আটছাৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details