বঙাইগাঁও, 26 ফেব্ৰুৱাৰী :বঙাইগাঁৱত চিআৰপিএফ জোৱানৰ কু-কাণ্ড ৷ প্ৰথমা পত্নী থকাৰ পিছটো দ্বিতীয় বিবাহৰ প্ৰস্তুতি জোৱানজনৰ ৷ ভাৱী পত্নীৰ এজাহাৰৰ ভিত্তিত চিআৰপিএফ জোৱান নৱজ্যোতি ৰায়ক গ্ৰেপ্তাৰ কৰে বঙাইগাঁও আৰক্ষীয়ে ৷ ভাৱী পত্নীৰ পৰিয়াল অজ্ঞাত আছিল পূৰ্বৰ বিবাহ সম্পৰ্কে ৷ ২৫ ফেব্ৰুৱাৰীত বিবাহৰ দিন ধাৰ্য্য হয় নৱজ্যোতি আৰু ভাৱী পত্নীৰ ৷
কইনা পক্ষই বিবাহৰ বাবে প্ৰস্তুতি সম্পন্ন কৰাৰ বিপৰতে বিবাহৰ এদিন পূৰ্বে ভণ্ড নৱজ্যোতিৰ সকলো কু-কাৰ্য পোহৰলৈ আহে ৷ ভাৱী পত্নীয়ে বঙাইগাঁও সদৰ থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত চিআৰপিএফ জোৱান নৱজ্যোতি ৰায়ক মংগলবাৰৰ সন্ধিয়া গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ সম্প্ৰতি নৱজ্যোতিক বঙাইগাঁও সদৰ থানাত জেৰা কৰিছে শীৰ্ষ আৰক্ষী বিষয়াই ৷ ঘটনাটোৱে সমগ্ৰ বঙাইগাঁওতে চাঞ্চল্য সৃষ্টি কৰাৰ লগতে প্ৰৱঞ্চক নৱজ্যোতিক কঠোৰ শাস্তি বিহিবলৈ দাবী জনাইছে সচেতন মহলে ৷