অসম

assam

ETV Bharat / state

বঙাইগাঁৱত দুই ভণ্ড কবিৰাজ আটক - উত্তৰ মাজগাঁও প্ৰাথমিক বিদ্যালয়

বঙাইগাঁও চহৰৰ উত্তৰ মাজগাঁও প্ৰাথমিক বিদ্যালয়ৰ পৰা বঙাইগাঁও আৰক্ষীয়ে আটক কৰে দুই প্ৰৱঞ্চকক ৷

Bongaigaon fraud arrest from school
বঙাইগাঁৱত দুই ভণ্ড কবিৰাজ আটক

By

Published : Mar 13, 2020, 1:23 PM IST

Updated : Mar 13, 2020, 1:36 PM IST

বঙাইগাঁও,13 মাৰ্চঃ বঙাইগাঁও চহৰৰ উত্তৰ মাজগাঁও প্ৰাথমিক বিদ্যালয়ৰ পৰা বঙাইগাঁও আৰক্ষীয়ে আটক কৰে দুই প্ৰবঞ্চক কবিৰাজক ৷ বিভিন্ন সমস্যা তথা বেমাৰ ভাল কৰি দিম বুলি প্ৰতিশ্ৰুতি দিয়াৰ চলেৰে বিদ্যালয় চৌহদত প্ৰৱেশ কৰি বিদ্যালয়ৰ শিক্ষক,শিক্ষয়ত্ৰীক প্ৰলোভন দি হাৰাশাস্তি কৰে ৷ কণ কণ ছাত্ৰ ছাত্ৰীৰ মাজত আতংক, হাহাকাৰৰ পৰিস্থিতিৰ সৃষ্টি কৰে কবিৰাজ দুজনে ৷ ইয়াকে লৈ চিন্তিত হৈ পৰে ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱক সকল ৷ অৱশেষত বঙাইগাঁও চহৰৰ উত্তৰ মাজগাঁও প্ৰাথমিক বিদ্যালয়ৰ পৰা বঙাইগাঁও আৰক্ষীয়ে আটক কৰে প্ৰৱঞ্চক দুগৰাকীক ৷

বঙাইগাঁৱত দুই ভণ্ড কবিৰাজ আটক
Last Updated : Mar 13, 2020, 1:36 PM IST

ABOUT THE AUTHOR

...view details