অসম

assam

ETV Bharat / state

বঙাইগাঁৱত বানাক্ৰান্তক সহায় দল-সংগঠনৰ - ইটিভি ভাৰত অসম

বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰা আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে কেন্দ্ৰীয় চৰকাৰে অসমক মাহী আইৰ দৃষ্টিৰে চোৱা বুলি অভিযোগ কৰে ৷ যাৰ বাবে কেন্দ্ৰই অসমৰ বান, গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যাৰ স্বীকৃতি প্ৰদান নকৰা বুলি মন্তব্য কৰে সৰকাৰে ৷

বঙাইগাঁৱত বানাক্ৰান্তক সহায় দল-সংগঠনৰ

By

Published : Jul 20, 2019, 10:46 AM IST

চিৰাং, 20 জুলাইঃ বানৰ কবলত বঙাইগাঁৱৰ উত্তৰ শালমাৰাৰ কেইবাটাও অঞ্চল ৷ অভয়াপুৰী, যোগীঘোপা অঞ্চলৰ কেইবাখনো গাঁৱৰ বানাক্ৰান্ত ৰাইজক সহায়ৰ হাত আগবঢ়াইছে আমছুৱে ৷ আমছুৰ লগতে সহযোগিতা আগবঢ়াইছে একাংশ বেচৰকাৰী অনুষ্ঠানে ৷ শুকুৰবাৰে বানাক্ৰান্ত ৰাইজক দল-সংগঠনৰ প্ৰতিনিধিসকলে খোৱাপানী আৰু খাদ্য সামগ্ৰী বিতৰণ কৰে ৷

বানাক্ৰান্তক সামগ্ৰী বিতৰণ

বানাক্ৰান্ত লোকসকলে সন্মুখীন হোৱা সমস্যাৰ বিষয়ে ব্যক্ত কৰিলে এনেদৰে-

বানাক্ৰান্তৰ দুখ-দুৰ্দশা

আনহাতে বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰা আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে কেন্দ্ৰীয় চৰকাৰে অসমক মাহী আইৰ দৃষ্টিৰে চোৱা বুলি অভিযোগ কৰে ৷ যাৰ বাবে কেন্দ্ৰই অসমৰ বান, গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যাৰ স্বীকৃতি প্ৰদান নকৰা বুলি মন্তব্য কৰে সৰকাৰে ৷ আনহাতে, ৰাজ্য চৰকাৰে বন্যাৰ্তক পৰ্যাপ্ত সাহায্য প্ৰদান নকৰা বুলি কৈ চচৰকাৰখনৰ সহানুভূতিৰ অভাৱ বুলি অভিযোগ উত্থাপন কৰে ৰেজাউল কৰিম সৰকাৰে ৷

আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰ

ইপিনে, বন্যাৰ্তক সাহায্য প্ৰদানত জিলা প্ৰশাসন ব্যৰ্থ হোৱা বুলি মন্তব্য স্থানীয় সংবাদসেৱী মনোৱাৰ হুছেইনৰ ৷

স্থানীয় সংবাদসেৱী মনোৱাৰ হুছেইনৰ মন্তব্য

ABOUT THE AUTHOR

...view details