বঙাইগাঁও, 22 জুলাইঃ আই নদীৰ বানপানীয়ে সম্পূৰ্ণ প্লাৱিত কৰিছে বঙাইগাঁও জিলাৰ কাকৈজানা গাঁও পঞ্চায়তৰ অন্তৰ্গত চেচাপানী গাঁও । দুবছৰ পুৰ্বে আই নদীৰ মথাউৰী ছিগি গাঁওখনত পানী প্ৰৱেশ কৰিছিল আৰু কেবাদিনো একেদৰেই বান পানীত ককবকাই আছিল গাঁওবাসী ৷ জলসম্পদ বিভাগে কোনো গুৰুত্ব প্ৰদান নকৰাত এইবাৰ বাৰিষাৰ আগে আগে ৰাইজে নিজৰ গাঠিৰ ধন খৰচ কৰি মথাউৰি নিৰ্মাণ কৰি আই নৈৰ বাঢ়নী পানী প্ৰতিৰোধৰ চেষ্টা চলাইছিল ৷ কিন্তু আই নদীৰ প্ৰৱল বানে ৰাইজে বন্ধা মথাউৰি উটুৱাই নিয়াত মঙলবাৰৰ পৰা পুণৰ গাঁওখন সম্পূৰ্ণৰূপে প্লাৱিত হৈ পৰিছে বানত ৷
বানত বুৰ গ’ল কাকৈজানা গাঁও পঞ্চায়তৰ অন্তৰ্গত চেচাপানী গাঁও - কাকৈজানা গাঁও
বঙাইগাঁও জিলাৰ কাকৈজানা গাঁও পঞ্চায়তৰ অন্তৰ্গত চেচাপানী গাঁও আই নদীৰ বানে প্লাৱিত । ঘৰে ঘৰে এককাল পানী আৱদ্ধ মানুহৰ লগতে পশুধন,নষ্ট খেতিপথাৰ ।
বানত বুৰ গ’ল কাকৈজানা গাঁও পঞ্চায়তৰ অন্তৰ্গত চেচাপানী গাঁও
বঙাইগাঁও জিলা প্ৰশাসন আৰু জলসম্পদ বিভাগৰ অৱহেলাৰ বাবেই এইখন চেচাপানী গাঁও পুণৰ প্লাৱিত হ’ব লগীয়া হৈছে বুলি দুৰ্ভগীয়া বানাক্ৰান্তই প্ৰকাশ কৰিছে । কেবাদিনৰ পৰাই প্লাৱিত হৈ আছে গাঁওখন ৷ ঘৰৰ মাজতো ককাললৈকে পানী,পশুধন আবদ্ধ বানপানীত,খেতি পথাৰৰ শস্য নষ্ট হৈছে ৷ মুঠতে বানপানীত গাঁওখনৰ অৱস্থা তথৈবচ ৷ ইপিনে চৰকাৰেও এতিয়ালৈকে কোনো সাহায্য প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷
লগতে পঢ়কঃৰাজস্থান ৰাজনৈতিক সংকট : মুখ্যমন্ত্ৰীৰ ভাতৃ আগ্ৰাছেন গেহলটৰ বাসগৃহত তালাচী