অসম

assam

ETV Bharat / state

বঙাইগাঁও জিলাৰ বানপীড়িত অঞ্চল পৰিদৰ্শন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ - বানপীড়িত অঞ্চল

মঙলবাৰে বঙাইগাঁও জিলাৰ বানপীড়িত অঞ্চল পৰিদৰ্শন কৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ জিলখনৰ জামদোহা অঞ্চলৰ আই নদীৰ বান আৰু গৰাখহনীয়াৰ বুজ লয় মুখ্যমন্ত্ৰী গৰাকীয়ে । লগতে, মুখ্যমন্ত্ৰী গৰাকীয়ে জিলাখনৰ বহুতো আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰাৰ লগতে পৰিস্থিতিৰ বুজ লয় ৷

BONGAIGAON FLOOD AFFECTED AREA VISIT CM SARBANANDA SONOWAL
বঙাইগাঁও জিলাৰ বানপীড়িত অঞ্চল পৰিদৰ্শন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

By

Published : Jul 21, 2020, 8:54 PM IST

চিৰাং, 21 জুলাই : ৰাজ্যত অব্যাহত আছে প্ৰলয়ংকাৰী বানৰ তাণ্ডব ৷ নেৰানেপেৰা বৰষুণৰ ফলত বানপানীত বুৰ গৈছে উজনি-নামনিৰ বহুতো অঞ্চল ৷ ইতিমধ্যে, অসমৰ 30 খন জিলা বানপানীৰ কবলত পৰিছে ৷ ৰাজ্যৰ অন্ন জিলাৰ লগতে বঙাইগাঁও জিলাতো সন্ত্ৰাস সৃষ্টি কৰিছে বানপানীয়ে ৷ জিলাখনৰ আই নদীৰ পানীয়ে বুৰাই পেলাইছে বিভিন্ন অঞ্চল ৷

মঙলবাৰে বঙাইগাঁও জিলাৰ বানপীড়িত অঞ্চল পৰিদৰ্শন কৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ জিলখনৰ জামদোহা অঞ্চলৰ আই নদীৰ বান আৰু গৰাখহনীয়াৰ বুজ লয় মুখ্যমন্ত্ৰী গৰাকীয়ে । লগতে, মুখ্যমন্ত্ৰী গৰাকীয়ে জিলাখনৰ বহুতো আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰাৰ লগতে পৰিস্থিতিৰ বুজ লয় ৷

বঙাইগাঁও জিলাৰ বানপীড়িত অঞ্চল পৰিদৰ্শন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

উল্লেখযোগ্য যে, বঙাইগাঁও জিলাৰ বানপীড়িত অঞ্চল পৰিদৰ্শন কৰাৰ আগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে চিৰাং জিলাৰ বানপীড়িত অঞ্চল পৰিদৰ্শন কৰে ৷ বন্যাৰ্তৰ অভাৱ-অভিযোগৰ বুজ লোৱাৰ উপৰিও সাহাৰ্য সামগ্ৰী সন্দৰ্ভতো বন্যাৰ্তৰ লগত মত-বিনিময় কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ জানিব পৰা মতে, বঙাইগাঁও জিলাৰ পিচত মুখ্যমন্ত্ৰীয়ে গোৱালপাৰাৰ বানপীড়িত অঞ্চল পৰিদৰ্শন কৰে ৷

লগতে পঢ়ক : বিটিচিৰ কামৰ কমিচন লাভেৰে দুৰ্নীতি কৰিছে প্ৰমোদে: চণ্ডী বসুমতাৰী

ABOUT THE AUTHOR

...view details