অসম

assam

By

Published : Nov 13, 2020, 9:18 PM IST

ETV Bharat / state

বঙাইগাঁৱত বিধ্বংসী অগ্নিকাণ্ডঃ প্ৰায় কোটি টকাৰ সম্পত্তি জুইত জাহ যোৱাৰ সন্দেহ

বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ নিউ পিৰাধৰাত ভয়ংকৰ অগ্নিকাণ্ডত ১১ টা পৰিয়ালৰ ঘৰ ভস্মীভূত। প্ৰায় কোটি টকাৰ সম্পত্তি জুইত জাহ যোৱাৰ সন্দেহ কৰা হৈছে ৷

Bongaigaon fire burn 11 family house
বঙাইগাঁৱত বিধ্বংসী অগ্নিকাণ্ড সংঘটিত

বঙাইগাঁও,13নৱেম্বৰঃ বঙাইগাঁও জিলাৰ অভয়াপুৰীত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। অভয়াপুৰী নিউ পিৰাধৰা ১ ম খণ্ডত সংঘটিত হয় এই অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত ১১ টা পৰিয়ালৰ প্ৰায় কোটী টকাৰ সম্পত্তি জুইত জাহ যায় । বৈদ্যুতিক চৰ্ট চাৰ্কিটৰ ফলত উক্ত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ। ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত।

বঙাইগাঁৱত বিধ্বংসী অগ্নিকাণ্ড সংঘটিত

উল্লেখযোগ্য যে, কৃষি প্ৰধান অঞ্চলটোৰ অগ্নিকাণ্ডত সংঘটিত হোৱাৰ ফলত পৰিয়ালকেইটাৰ ঘৰৰ ভৰালত ধানৰ ওপৰি অন‍্যান‍্য শস‍্যসহ সকলো সম্পত্তি জাহ যোৱাত সৰ্বশ্ৰান্ত হয় পৰিয়াল কেইটা। উল্লেখযোগ্য যে, দিনৰ ভাগতে সংগটিত হৈছিল এই অগ্নিকাণ্ড সেয়ে কোনো লোক হতাহত হোৱাৰ পৰা ৰক্ষা পৰে ।

বঙাইগাঁৱত বিধ্বংসী অগ্নিকাণ্ড সংঘটিত
লগতে পঢ়কঃ বঙাইগাঁৱত বীৰ চিলাৰায়ৰ সংগ্ৰহালয়ৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details