বঙাইগাঁও, ২৪ জুন :বঙাইগাঁও জিলাত অব্যাহত আছে অনিৰ্দিষ্টকালীন সান্ধ্য আইন (Night Carfuw) ৷ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে ২১ জুনত দিয়া নিৰ্দেশনামৰ্মে জিলাখনত ক’ভিড-১৯ (Covid 19)ৰ সংক্ৰমণ ৰোধৰ বাবে ভাৰতীয় ফৌজদাৰী আইনৰ ১৪৪ ধাৰাত অনিৰ্দিষ্ট কাললৈ সান্ধ্য আইন (Night Carfuw) জাৰি কৰা হৈছে । জিলাখনৰ অতিৰিক্ত জিলা দণ্ডাধীশ শ্যামল ক্ষেত্ৰ গগৈয়ে এক নিৰ্দেশনাযোগে সমগ্ৰ জিলাখনতে প্ৰযোজ্য হোৱাকৈ এই নিষেধাজ্ঞা জাৰি কৰিছে ।
এই নিষেধাজ্ঞাৰ অধীনত ২২ জুনৰ পৰা পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বঙাইগাঁৱত প্ৰতিদিনে সন্ধিয়া ৫ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন বলৱৎ কৰা হৈছে । সান্ধ্য আইনৰ সময়ছোৱাত সকলো লোক আৰু সকলো যান-বাহনৰ চলাচল বন্ধ থাকিব । অৱশ্যে অত্যাৱশ্যকীয় সেৱা যেনে- চিকিৎসা সম্পৰ্কীয়, আৰক্ষী, প্ৰশাসনৰ লগতে জৰুৰী সেৱাৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা প্ৰযোজ্য নহ'ব । মুকলি বা আৱদ্ধ কোনো ঠাইতে সভা বা সমাগমৰ বাবে অনুমতি দিয়া নহ'ব ।
প্ৰশাসনে পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত সকলো ধৰ্মীয় অনুষ্ঠান বন্ধ ৰখাৰ নিৰ্দেশ দিয়ে ।
বঙাইগাঁও জিলাত ১৪৪ ধাৰা জাৰি অৱশ্যে ধৰ্মীয় অনুষ্ঠানৰ মুৰব্বীগৰাকীয়ে প্ৰাত্যহিক ধৰ্মীয় কামখিনি কৰিব পাৰিব । একোজন মৃতকৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে ১০ জন লোকতকৈ অধিক লোক উপস্থিত থাকিব নোৱাৰিব । একেদৰে হোটেল, ৰিজ’ৰ্ট আদি খোলা থকা অৱস্থাত সাধাৰণ সময়ৰ দৰে খোৱা-লোৱা কৰিব পাৰিব ।
সান্ধ্য আইন (Night Carfuw)ৰ সময়ত সকলো ক’ভিড (Covid 19) বিধি মানি ই-কমাৰ্চৰ (E-Commerce) জৰিয়তে অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰিব পাৰিব । সাপ্তাহিক হাট-বজাৰ আদি বহিবলৈ অনুমতি দিয়া নহ'ব । ফাৰ্মাচী, হাস্পতাল, পশু চিকিৎসা কেন্দ্ৰ আৰু পশু ক্লিনিক আদি অত্যাৱশ্যকীয় আৰু জৰুৰী সেৱা হিচাপে কোনো বাধা নোহোৱাকৈ খোলা থাকিব ।
সকলো চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, ব্যৱসায়িক প্ৰতিষ্ঠান, ৰেষ্টুৰেণ্ট, ধাবা, হোটেল-ৰিজ’ৰ্ট আদিৰ ভিতৰত থকা ৰেষ্টুৰেণ্ট, বিক্ৰী কক্ষ, শীতল ভঁৰাল আৰু পণ্যাগাৰ, শ্ব'ৰূম আদি ২২ জুনৰ পৰা প্ৰতিদিনে বিয়লি ৪ বজালৈ খোলা ৰাখিবলৈ অনুমতি দিয়া হৈছে । বাহন আৰু মানুহৰ আন্তঃজিলা যাতায়াত ২২ জুনৰ পৰা পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বন্ধ ৰখা হৈছে ৷ এই নিৰ্দেশনা উলংঘা কৰিলে ভাৰতীয় দণ্ডবিধি আইনৰ ১৮৮ ধাৰাৰ অধীনত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব । এই নিষেধাজ্ঞা সম্পৰ্কত কাৰোবাৰ কিবা আপত্তি থাকিলে সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত উপযুক্ত কাৰণ দৰ্শাই সংশোধনৰ বাবে আবেদন জনাব পাৰিব ।
লগতে পঢ়ক :২৬ জুনত প্ৰকাশ পাব ক’ভিডৰ নতুন নীতি-নিৰ্দেশনা