অসম

assam

By

Published : Feb 23, 2021, 9:34 AM IST

ETV Bharat / state

বঙাইগাঁৱত ডিজিটেল শ্ৰেণীকোঠা উদ্বোধন

1049 নং নেতাজী বিদ্যা নিকেতন প্ৰাথমিক-মধ্য ইংৰাজী বিদ্যালয়ত ডিজিটেল শ্ৰেণী কোঠা উদ্বোধন ৷ বিদ্যালয়ৰ প্ৰধান শিক্ষক দেৱাশীষ দেয়ে উল্লেখ কৰে যে, প্ৰতিটো শ্ৰেণীতে কিছু অধ্যায় ডিজিটেল পদ্ধতিত পাঠদান নকৰিলে ছাত্ৰ-ছাত্ৰীৰ বুজাত অসুবিধা হয় ৷ সেয়ে এই ব্যৱস্থা কৰা হৈছে ।

বঙাইগাঁৱৰ নেতাজি বিদ্যা নিকেতনত ডিজিটেল শ্ৰেণীকোঠা উদ্বোধন
বঙাইগাঁৱৰ নেতাজি বিদ্যা নিকেতনত ডিজিটেল শ্ৰেণীকোঠা উদ্বোধন

বঙাইগাঁও,23 ফেব্ৰুৱাৰীঃসোমবাৰে বঙাইগাঁও জিলাৰ পালপাৰাস্থিত ১০৪৯ নং নেতাজী বিদ্যা নিকেতন প্ৰাথমিক-মধ্য ইংৰাজী বিদ্যালয়ত ডিজিটেল শ্ৰেণীকোঠা উদ্বোধন কৰে জিলা উপায়ুক্ত ড৹ এম এছ লক্ষ্মীপ্ৰিয়াই । বিদ্যালয়খনৰ প্ৰতিটো শ্ৰেণীকোঠাত ডিজিটেল পদ্ধতিৰে ছাত্ৰ-ছাত্ৰীক পাঠদানৰ ব্যৱস্থা কৰিছে বিদ্যালয় কৰ্তৃপক্ষই ।

ডিজিটেল শ্ৰেণীকোঠা উদ্বোধন

আনহাতে, বিদ্যালয়ৰ প্ৰধান শিক্ষক দেৱাশীষ দেয়ে উল্লেখ কৰে যে, প্ৰতিটো শ্ৰেণীতে কিছু অধ্যায় ডিজিটেল পদ্ধতিত পাঠদান নকৰিলে ছাত্ৰ-ছাত্ৰীৰ বুজাত অসুবিধা হয় ৷ সেয়ে এই ব্যৱস্থা কৰা হৈছে । ইপিনে ডিজিটেল ইণ্ডিয়াৰ প্ৰভাৱ বিদ্যালয়সমূহত অহাৰ লগে লগে ছাত্ৰ-ছাত্ৰী সকলো উপকৃত হ’ব বুলি উদ্বোধন কৰি জিলা উপায়ুক্তগৰাকীয়ে মন্তব্য কৰে ৷

লগতে পঢ়কঃ লখিমপুৰত বাইক ৰেলীৰে লুৰীণৰ শক্তি প্ৰদৰ্শন

ABOUT THE AUTHOR

...view details