চিৰাং, 6 আগষ্ট : বঙাইগাঁও জিলাত সাম্প্ৰতিক বান পৰিস্থিতি উন্নত হৈছে যদিও এতিয়াও তিনিখন গাঁও বানৰ কৱলত আছে । জিলাখনৰ চাৰিটা ৰাজহ চক্ৰৰ ১৫০ খন ৰাজহ গাঁও এই বানত ক্ষতিগ্ৰস্ত হৈছে । বঙাইগাঁও ৰাজহ চক্ৰৰ 7 খন,বইটামাৰীৰ ৫০ খন,সৃজনগ্ৰামৰ ৩৯ আৰু মাণিকপুৰ ৰাজহ চক্ৰৰ সৰ্বাধিক ৫৪ খন গাঁও বানত ক্ষতিগ্ৰস্ত হয় । এই কথা প্ৰকাশ কৰিছে বঙাইগাঁও জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই ৷
বৃহস্পতিবাৰে আবেলি বঙাইগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয় চৌহদত আয়োজিত এক সংবাদমেল যোগে জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই জিলাখনৰ সাম্প্ৰতিক বান আৰু কৰ'না সংক্ৰমণ সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত অৱগত কৰে । শেহতীয়া বানত বঙাইগাঁও জিলাত ২,৩২,৮৬৬ জন লোক ক্ষতিগ্ৰস্ত হৈছে । ৬,৭২৮.৫৩ হেক্টৰ কৃষি ভূমি ক্ষতি হোৱাৰ লগতে ৪১,৮৬৯ টা ডাঙৰ,৩১,২৯৮ টা সৰু আৰু ২,১২,০৯৩ টা কুকুৰা ক্ষতিগ্ৰস্ত হৈছে ৷ জিলাখনৰ ৩২ টা আশ্ৰয় শিবিৰত ৩,৯১৫ জন আশ্ৰয় গ্ৰহণ কৰে । সাম্প্ৰতিক বানত জিলাখনৰ মাণিকপুৰ ৰাজহ চক্ৰত তিনিজন আৰু সৃজনগ্ৰামত এজন সহ চাৰিজন লোকৰ মৃত্যু ঘটে । বানাক্ৰান্ত লোকৰ বাবে সাতটা মেডিকেল গোটে শিবিৰ সমূহত স্বাস্থ্য পৰীক্ষা আগবঢ়ায় বুলি জানিবলৈ দিয়ে উপায়ুক্তগৰাকীয়ে ।
ইপিনে কৰ'না সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে বঙাইগাঁও জিলা প্ৰশাসনে বঙাইগাঁও পৌৰসভাৰ মুঠ ২৫ টা ৱাৰ্ডৰ আৱাসী আৰু দোকানী-ব্যৱসায়ী সকলক ৰেপিড এন্টিজেন টেষ্টৰ জৰিয়তে ক'ভিড ১৯ ৰোগৰ পৰীক্ষা কৰিবলৈ আহ্বান জনায় ৷ তিনি আগষ্টৰ পৰা আৰম্ভ কৰা ৰেপিড এন্টিজেন টেষ্টত 5 আগষ্টলৈকে মুঠ ১,৪৩২ টা নমুনাৰ ভিতৰত ১৭ জনৰ পজিটিভ পোৱা গৈছে । ৰোগীৰ সংখ্যা শতকৰা হাৰ ১.২ শতাংশ । জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই জিলাখনত মুঠ ২১ গৰাকী লোক নতুনকৈ ক'ভিড ১৯ ৰোগত আক্ৰান্ত হোৱাৰ কথা সদৰি কৰে ৷ এই লৈ জিলাখনত ৰোগীৰ সংখ্যা ৮৪৯ গৰাকীলৈ বৃদ্ধি হোৱাৰ বিপৰীতে ৬৩৪ গৰাকী লোকে আৰোগ্য লাভ কৰিছে । বৰ্তমান ২১৫ গৰাকী লোক চিকিৎসাধীন হৈ আছে । জিলাখনত আসাম ষ্টেট টাৰ্গেটেড প্ৰগ্ৰেম আৰু ৰেপিড এন্টিজেন টেষ্ট দুয়োটা কাৰ্যসূচী একেলগে কাৰ্যকৰী হৈ থকাৰ কথাও ব্যক্ত কৰে । আসাম ষ্টেট টাৰ্গেটেড প্ৰগ্ৰেমৰ জৰিয়তে বঙাইগাঁও জিলাত কুৰি হেজাৰ নমুনা সংগ্ৰহ কৰা হৈছে ।
কৰ’ণা আৰু বান সমস্যা সন্দৰ্ভত বঙাইগাঁৱত উপায়ুক্তৰ সংবাদমেল ইপিনে আগন্তুক স্বাধীনতা দিৱস বঙাইগাঁও জিলা প্ৰশাসনে সীমিত সংখ্যক লোকৰ উপস্থিতিৰে চৰকাৰী নিৰ্দেশনা অনুসৰি পালন কৰিব বুলি সিদ্ধান্ত লোৱাৰ কথা ব্যক্ত কৰে । সমাগত স্বাধীনতা দিৱসত অংশ গ্ৰহণ কৰিব লগা লোকৰ স্বাৱ নমুনা নিগেটিভ লোকেহে অংশ গ্ৰহণ কৰিব পাৰিব বুলিও জিলা উপায়ুক্তই সংবাদ মেলত সদৰি কৰে ।
লগতে পঢ়ক :বয়সে হাৰ মনাব নোৱাৰা এগৰাকী প্ৰবীণ সাহিত্যিক