অসম

assam

ETV Bharat / state

এহাল দৰিদ্ৰ বৃদ্ধ দম্পত্তিৰ কৰুণ কাহিনী... - দুগৰাকী পুত্ৰ সন্তানৰো বিয়াৰ পিছৰে পৰা নাই কোনো খবৰ,নাই কোনো যোগাযোগ

দুগৰাকী পুত্ৰ সন্তানৰো বিয়াৰ পিছৰে পৰা নাই কোনো খবৰ,নাই কোনো যোগাযোগ ৷ অসহায় এহাল বৃদ্ধ দম্পত্তি ৷

Bongaigaon cyclone destroys poor's house
এহাল দৰিদ্ৰ বৃদ্ধ দম্পত্তিৰ কৰুণ কাহিনী

By

Published : Apr 18, 2020, 7:45 PM IST

বঙাইগাঁও,18 এপ্ৰিলঃ এহাল দৰিদ্ৰ বৃদ্ধ দম্পত্তিৰ কৰুণ কাহিনী ৷ সুদীৰ্ঘ দিন পুত্ৰ-বোৱাৰীৰ অবিহনেই অকলেই বাস কৰি আহিছে এটি সৰু জৰাজীৰ্ণ বাসগৃহত ৷ কিন্তু দুৰ্ভগীয়া এই দৰিদ্ৰ বৃদ্ধ দম্পত্তিৰ সৰু জৰাজীৰ্ণ বাসগৃহটোও ভাঙি নিলে শুকুৰবাৰে অহা এজাক প্ৰচণ্ড ধুমুহাই ৷ এই ঘটনা বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত মৌখোৱা গাঁৱৰ ৷ কছৰুদ্দিন আলি(81) আৰু জেলেমা বেগম(65) নামৰ দৰিদ্ৰ বৃদ্ধ দম্পত্তিৰ বাসগৃহটো ধুমুহাই ভাঙি নিয়াৰ ফলত এতিয়া শংকিত হৈ পৰিছে বৃদ্ধ দম্পত্তি ৷ সমস্যাত জৰ্জৰিত তথা চৰম সংকটৰ মাজেৰে জীৱন পাৰ কৰিব লগা হোৱা বৃদ্ধ দম্পত্তিক এতিয়া প্ৰয়োজন ৰাইজৰ সহায় আৰু সহযোগিতাৰ ৷ কাৰণ তেওঁলোকৰ দুগৰাকী পুত্ৰ সন্তানৰ বিয়াৰ পিছৰে পৰা নাই কোনো খবৰ,নাই কোনো যোগাযোগ ৷ পিতৃ মাতৃক এলাগী কৰি দুই পুত্ৰ ক'ত আছে সেয়াও ৰহস্যৰ আৱৰ্তত ৷

এহাল দৰিদ্ৰ বৃদ্ধ দম্পত্তিৰ কৰুণ কাহিনী
লগতে পঢ়কঃ কৰদাতা সকললৈ সকাহ বিত্ত মন্ত্ৰালয়ৰ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details