অসম

assam

ETV Bharat / state

গৰুৱে কামুৰিলে মানুহক

বাংলাপাৰাত গৰুৱে কামুৰি আহত কৰিলে তৃতীয় শ্ৰেণীৰ ছাত্ৰক। আহত অৱস্থাত চিকিৎসালয়ত ভৰ্ত্তি জাকিৰ হুছেইন নামৰ ছাত্ৰজনক

By

Published : Apr 30, 2019, 4:54 PM IST

বাংলাপাৰাত গৰুৰ আক্ৰমণত আহত তৃতীয় শ্ৰেণীৰ ছাত্ৰ

বঙাইগাঁও, 30 এপ্ৰিলঃ উত্তৰ অভয়াপুৰীৰ কোকিলা আৰক্ষী চকীৰ অন্তৰ্গত বাংলাপাৰা মজলীয়া বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰক গৰুৰ আক্ৰমণ ৷

আৰু পঢ়কঃ অন্ধ বিশ্বাসঃ মেছেজ বিলাই ফুৰিছে বিধায়ক নুৰুল হুদাই

জানিব পৰা মতে, দিনৰ প্ৰায় এঘাৰ বজাত তৃতীয় শ্ৰেণীৰ ছাত্ৰ জাকিৰ হুছেইনে বিদ্যালয় চৌহদত ফুটবল খেলি থকাৰ সময়তে এটা গৰুৱে কামুৰি আহত কৰে ছাত্ৰজনক । ছাত্ৰ-ছাত্ৰীসকলে চিঞৰ বাখৰ কৰাত শিক্ষক তথা স্থানীয় ৰাইজে আহি ছাত্ৰজনক উদ্ধাৰ কৰি মানিকপুৰ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰায় । ইফালে বিদ্যালয় চৌহদত বেৰ নথকাৰ বাবেই এনেধৰণৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ তুলিছে সহকাৰী শিক্ষয়িত্ৰী জাহানাৰা খানমে ।

ABOUT THE AUTHOR

...view details