অসম

assam

ক’ভিড-19 আক্ৰান্ত ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি বঙাইগাঁৱত উত্তেজনা

By

Published : Aug 8, 2020, 3:17 AM IST

বঙাইগাঁৱত ক’ভিড-19 আক্ৰান্তৰ যুৱকৰ মৃত্যুক লৈ ৰহস্য ৷ ৰেপিড এন্টিজেন পৰীক্ষাত পজিটিভ পোৱাৰ পিচতো চিকিৎসাৰ ব্যৱস্থা নকৰাৰ অভিযোগ চিকিৎসকৰ বিৰুদ্ধে । অক্সিজেনৰ অভাৱত মৃত্যু হোৱা বুলি দাবী পৰিয়ালৰ ৷

Bongaigaon Covid 19 patient death
Bongaigaon Covid 19 patient death

চিৰাং, 7 আগষ্ট :ক’ভিড-19ত আক্ৰান্ত ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি বঙাইগাঁৱত উত্তেজনা ৷ চিকিৎসকৰ বিৰুদ্ধে উপযুক্ত চিকিৎসা প্ৰদান নকৰাৰ ভয়ংকৰ অভিযোগ তুলিছে মৃত ৰোগীৰ পৰিয়ালে ৷ ৰেপিড এন্টিজেন টেষ্টত যুৱকজনৰ দেহত ধৰা পৰিছিল ক’ভিড-19ৰ অৱস্থিতি ৷ জানিব পৰা মতে, বৃহস্পতিবাৰে পুৱা ধুবুৰীৰ বিদ্যাপাৰা কলেজ ৰোডৰ সুমন সেন আৰু তেওঁৰ মাতৃ বাসন্তী সেন চিকিৎসাৰ বাবে আহিছিল বঙাইগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ ৷ কিন্তু সুমন সেন কিছু অসুস্থ অৱস্থাত থকাত চিকিৎসকে ক’ভিড-19 পৰীক্ষাৰ বাবে বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ পঠিয়াই দিয়ে ৷ সুমনৰ ভাতৃয়ে সংবাদ মাধ্যমক সদৰি কৰা অনুসৰি ৰেপিড এন্টিজেন পৰীক্ষাত সুমনৰ দেহত ক’ভিড-19 পজিটিভ পোৱাত সুমনক একাষৰীয়াকৈ ৰাখে চিকিৎসালয় কৰ্তৃপক্ষই ৷

ক’ভিড-19 আক্ৰান্ত ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি বঙাইগাঁৱত উত্তেজনা

এনেকৈ প্ৰায় দুঘন্টা থকাৰ পাচত সুমনক অসামৰিক চিকিৎসালয়খনৰ ক’ভিড-19 কোঠালীত ভৰ্তি কৰা হয় ৷ সুমনৰ পৰিয়ালৰ লোকে অভিযোগ কৰা মতে এটা সময়ত সুমনে উশাহ লোৱাত কষ্ট অনুভৱ কৰিছিল আৰু অক্সিজেনৰ ব্যৱস্থা কৰিবলৈ কাতৰ অনুৰোধ কৰিছিল চিকিৎসা কৰ্মীক ৷ কিন্তু সুমনক অক্সিজেন দিয়াতো দূৰৰে কথা চিকিৎসকে কোনো চিকিৎসাৰ ব্যৱস্থা নকৰিলে ৷ এনেকৈয়ে পুৱা ১১ বজাৰ পৰা মৃত্যুৰ সতে যুঁজি থাকি সন্ধিয়া প্ৰায় ৬ বজাত সুমনৰ মৃত্যু ঘটে ৷

লক্ষণীয় যে, এই সম্পূৰ্ণ বিষয়টো জিলা প্ৰশাসনে গোপনে ৰখাৰ প্ৰয়াস কৰাৰ লগতে এয়া স্বাভাৱিক মৃত্যু বুলি ক’ব বিচাৰিছে ৷ ঘটনাটোৱে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে বঙাইগাঁৱত ৷ ইপিনে এই ঘটনাক বঙাইগাঁও জিলা প্ৰশাসনে অন্য ৰোগৰ বাবে মৃত্যু হোৱা বুলি সদৰি কৰে যদিও সংবাদ মাধ্যমক একো নজনায়। যদি সেয়াই তেন্তে কি কাৰণত ক’ভিড ৰুমত ৰোগী গৰাকীক ৰখা হৈছিল সেয়া ৰহস্যজনক হৈয়ে আছে। মৃত্যু হোৱা ঘটনাটোৰ বাবে জিলা প্ৰশাসনে তদন্তৰ নিৰ্দেশ দিয়া বুলি বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে ৷

লগতে পঢ়ক :গুৰুতৰ ৰোগীক পৰ্যাপ্ত চিকিৎসা প্ৰদানৰ দাবীৰে যোৰহাটত আছুৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details