বঙাইগাঁও, 21 মাৰ্চঃ বঙাইগাঁৱত জনসংযোগ বিষয়াৰ কাৰ্য্যালয় আৰু বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাৱৰ উদ্যোগত, জিলা প্ৰশাসনৰ সহযোগিতাত যান বাহন ৰখাই পথচাৰীৰ মাজত হাত ধোৱাৰ ব্যৱস্থা কৰি এক সজাগতামূলক অভিযান চলায় ৷ ইয়াৰোপৰি সকলোকে জনতাৰ সান্ধ্য আইন পালন কৰিবলৈয়ো আহ্বান জনায় প্ৰশাসনে ৷ ইয়াৰ লগতে শনিবাৰে এক সজাগতামুলক অভিযান কাৰ্যসূচীও অনুষ্ঠিত কৰা হয় ৷ এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে কৰে ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া কবিতা ডেকাই ৷ অনুষ্ঠানত উপস্থিত থাকে বঙাইগাঁও জিলা স্বাস্থ্য সেৱা বিভাগৰ যুটীয়া সঞ্চালক ডাঃ ৰত্ন বসুমতাৰীৰ লগতে কাৰ্য্যালয়টোৰ সমূহ কৰ্মচাৰী ৷
বঙাইগাঁও প্ৰেছ ক্লাৱৰ ছপা আৰু বৈদ্যুতিণ মাধ্যমৰ সংবাদকৰ্মী সকলৰ সক্ৰিয় প্ৰচেষ্টাত পথত চলাচল কৰা যান বাহনসমূহৰ লগতে পথচাৰী সকলৰ মাজত চাবোন, হেণ্ড চেনিটেইজাৰেৰে হাত ধোৱাৰ ব্যৱস্থা কৰাৰ লগতে, কৰ'ণা ভাইৰাছৰ পৰা নিজক ৰক্ষা কৰিবলৈ কি কি সাৱধানতা অৱলম্বন কৰিব লাগে সেই বিষয়ে সকলোকে অৱগত কৰাই একোখনকৈ গোঁহাৰি পত্ৰ বিতৰণ কৰে ৷