বঙাইগাঁও, 12 জানুৱাৰী:পুনৰ অসমত বহিৰাগত কোম্পানীৰ প্ৰৱঞ্চনাৰ বলি হ’ল অসমৰ থলুৱা কৰ্মচাৰী ৷ ধুবুৰী জিলাৰ ময়নাগুৰীৰ পৰা বঙাইগাঁও জিলাৰ যোগীঘোপা লৈকে চলাই থকা হৈছিল ৰে‘ল লাইন নিৰ্মাণৰ কাম । উক্ত ৰে‘ল সংযোগ লাইনৰ বাবে বঙাইগাঁও জিলাৰ খগৰপুৰ পাহাৰত সুৰংগ নিৰ্মাণৰ কাম লাভ কৰিছিল NIPL নামৰ বহিঃৰাজ্যৰ কোম্পানীটোৱে ।
পলায়ন বহিঃৰাজ্যৰ কোম্পানী NIPL ৰ কিন্তু নিৰ্ধাৰিত সময়ত সুৰংগৰ কাম সম্পূৰ্ণ কৰিব নোৱাৰাত অৱশেষত ৰে’ল বিভাগে কাম সামৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে বৰ্খাস্ত কৰে কোম্পানীটোক ৷ ফলত বইটামাৰীৰ খগৰপুৰত আধাতে কাম সামৰি বহু সা-সামগ্ৰী, গাড়ী, মটৰ, মেচিন এৰি পলায়ন কৰে কোম্পানীটোৱে ৷
ৰে’লৱে বিভাগ বৰ্খাস্ত কৰে NIPL নামৰ কোম্পানীটোক ইপিনে কোম্পানিটোৰ পলায়নৰ পাচতেই এই কোম্পানিৰ অন্তৰ্গত কাম কৰি থকা শ্ৰমিক-কৰ্মচাৰীৰ মাজত হাহাকাৰ ৷ দৰমহা নাপাই বিপাঙত পৰিছে স্থানীয় কৰ্মচাৰী সকল ৷
নায়ক ইনফ্ৰাচট্ৰাকচাৰ প্ৰাইভেট লিমিটেড বহিঃৰাজ্যৰ কোম্পানীটোৱে ভোগালী বিহুৰ প্ৰাক মূহুৰ্তত অসমীয়া কৰ্মচাৰীক প্ৰতাৰণা কৰি পলায়ন কৰা কাৰ্যক এতিয়া গৰিহণা দিছে বইটামাৰী আঞ্চলিক ছাত্ৰ সন্থাই ৷
বহিঃৰাজ্যৰ কোম্পানী NIPL ৰ পলায়ন ২০০ ত কৈও অধিক কৰ্মচাৰী, শ্ৰমিকে যোৱা প্ৰায় ৭/৮ মাহে দৰমহাৰ পৰা বঞ্চিত হৈ আছে । কোম্পানীটোৱে পলায়ন কৰাত এতিয়া স্থানীয় শ্ৰমিকৰ লগতে বিভিন্ন জিলাৰ কৰ্মচাৰীয়ে অনিশ্চয়তাত দিন কটাবলগীয়া হৈছে । সকলোৰে দাবী পাবলগীয়া ধন সমূহ মোকলাই দিয়ে ৷