বঙাইগাঁও, 23 ফেব্ৰুৱাৰীঃ আজি মাণিকপুৰ ব্লক কংগ্ৰেছৰ উদ্যোগত বিজনী মোনাকোষা (শাকতোলা)ত মাণিকপুৰ ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি নাছিৰ আহমেদৰ সভাপতিত্বত অনুষ্ঠিত এক কৰ্মী সভাত অংশগ্ৰহণ কৰে, অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ কমল মেধি, বিধায়ক আব্দুল হাইনাগৰী, বঙাইগাঁও জিলা কংগ্ৰেছৰ সভাপতি শঙ্কৰ প্ৰশাদ ৰায়কে ধৰি প্ৰায় ডেৰ সহস্ৰাধিক কৰ্মী ৷
সভাখনত উপস্থিত থাকি 'মিছন ১০০ বিজেপিৰ নহয়, কংগ্ৰেছৰহে হ'ব ৷ অহা ২০২১ ৰ নিৰ্বাচনত বিজেপিৰ মিছন ১০০ পৰা এটা শূন্য বিজেপিৰ কটা যাব বুলি মন্তব্য কৰে ৰাজ্যিক কংগ্ৰেছৰ মুখপাত্ৰ কমল কুমাৰ মেধিয়ে ৷