পঞ্চায়ত সভাপতিৰ বিৰুদ্ধে চি আই ডিৰ তদন্ত দাবী কংগ্ৰেছ মুখপাত্ৰৰ - assam news
বঙাইগাঁৱৰ বাঘমাৰা-চৌৰাগুৰি পঞ্চায়তৰ সভাপতি অমৰ চন্দ্ৰ সৰকাৰে ভুৱা প্ৰমাণ পত্ৰৰে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা বুলি অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ কৰ্মীয়ে ৷ সভাপতি অমৰ চন্দ্ৰ সৰকাৰৰ অষ্টম শ্ৰেনী উত্তীৰ্ণ হোৱাৰ প্ৰমান পত্ৰ ভুৱা বুলি গোচৰ তৰে বঙাইগাঁৱৰ একাংশ ৰাইজে ।
![পঞ্চায়ত সভাপতিৰ বিৰুদ্ধে চি আই ডিৰ তদন্ত দাবী কংগ্ৰেছ মুখপাত্ৰৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3699916-thumbnail-3x2-kkk.jpg)
বঙাইগাঁও, 29 জুনঃশিক্ষাৰ ভুৱা প্ৰমাণ পত্ৰ লৈ বাঘমাৰা-ছৌৰাগুৰী পঞ্চায়তৰ সভাপতি হৈছে বিজেপি প্ৰাৰ্থী । শাসকীয় দলৰ হোৱা বাবে চৰকাৰী তদন্তৰ নামতো ভেকোভাওনা ।
বঙাইগাঁৱৰ বাঘমাৰা-চৌৰাগুৰি পঞ্চায়তৰ সভাপতি অমৰ চন্দ্ৰ সৰকাৰে ভুৱা প্ৰমাণ পত্ৰৰে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা বুলি অভিযোগ উত্থাপন কৰিছে একাংশ কংগ্ৰেছ কৰ্মীয়ে ৷ সভাপতি অমৰ চন্দ্ৰ সৰকাৰৰ অষ্টম মান শ্ৰেনী উত্তীৰ্ণ হোৱাৰ প্ৰমান পত্ৰ ভুৱা বুলি গোচৰ তৰে বঙাইগাঁৱৰ একাংশ ৰাইজে । কিন্তু গোচৰৰ ভিত্তিতে আৰক্ষীয়ে কৰা তদন্তত কোনো ভুল তথ্য নাপালে বুলি সদৰী কৰে ৷ যাৰ বাবে ভাৰতীয় যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মূখপাত্ৰ জ্যোৰ্তিময় বৈশ্যই শনিবাৰে বঙাইগাঁও প্ৰেছ ক্লাবত সংবাদ মেল সম্বোধন কৰি বিজেপি চৰকাৰৰ তৃণমূল পৰ্যায়তে দূৰ্ণীতি হৈছে বুলি মন্তব্য কৰে ৷ লগতে দূৰ্নীতিৰ ক্ষেত্ৰত শূণ্য সহনশীলতাৰ শ্ল'গান দিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দূৰ্ণীতিগ্ৰস্ত আৰু অসৎ বিজেপি নেতাৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈও আহ্বান জনায় । লগতে কংগ্ৰেছৰ মুখপাত্ৰ গৰাকীয়ে সভাপতি অমৰ চন্দ্ৰ সৰকাৰৰ বিৰুদ্ধে চি আই ডিৰ তদন্ত দাবী কৰাৰ লগতে বিষয়টো সংসদৰ মজিয়াত নিয়াৰ বাবে বৰপেটাৰ সাংসদ আব্দুল খালেকৰ সৈতে যোগাযোগ কৰাৰ কথা জানিবলৈ দিয়ে ।