বঙাইগাঁৱত কেবৰ বিৰোধিতাৰে ৪ শতাধিক অগপ কৰ্মীৰ কংগ্ৰেছত যোগদান - loksabha
প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ অন্তত তুংগত উঠিছে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ ৷ শনিবাৰে বঙাইগাঁৱত কংগ্ৰেছৰ এক নিৰ্ব্বাচনী সভাত দলীয় প্ৰাৰ্থী আব্দুল খালেকে প্ৰচাৰ চলায় ৷ লগতে এই সভাতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে শনিবাৰে বঙাইগাঁও বিধান সভা সমষ্টিত ৪ শতাধিক অগপ কৰ্মীৰ কংগ্ৰেছত যোগদান ।
![বঙাইগাঁৱত কেবৰ বিৰোধিতাৰে ৪ শতাধিক অগপ কৰ্মীৰ কংগ্ৰেছত যোগদান](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2995934-thumbnail-3x2-kjpg.jpg)
বঙাইগাঁও,13এপ্ৰিল: শনিবাৰে বঙাইগাঁৱৰ ঢালিগাঁও বৰপথাৰত অনুষ্ঠিত হয় কংগ্ৰেছৰ নিৰ্ব্বাচনী সভা । সন্ধিয়া ৮ বজাত অনুষ্ঠিত এই সভাত বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থী আব্দুল খালেক উপস্থিত থকাৰ লগতে যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ জ্যোতিৰ্ময় বৈষ্য, বঙাইগাঁও জিলা কংগ্ৰেছ সভাপতি শংকৰপ্ৰসাদ ৰায় সহ প্ৰায় ২ হাজাৰ লোক উপস্থিত থাকে । ইপিনে এই সভাতে ঢালিগাঁৱৰ তিনি শতাধিক অসম গণ পৰিষদৰ কৰ্মী আৰু দেৰ শতাধিক এ আই ইউ ডি এফৰ সমৰ্থক কংগ্ৰেছত আনুষ্ঠানিক ভাৱে যোগদান কৰে । শনিবাৰৰ দিনটোত কংগ্ৰেছৰ প্ৰাৰ্থীজনে বঙাইগাঁও বিধান সভা সমষ্টিৰ বিভিন্ন ঠাইত প্ৰচাৰ চলায় । উল্লেখ্য যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা আৰু মিত্ৰজোঁটক লৈ অসন্তুস্তিৰ বাবে শনিবাৰে এইসকল ৪ শতাধিক অগপ কৰ্মীয়ে কংগ্ৰেছত যোগদান কৰে ৷