বঙাইগাঁও, 21 জানুৱাৰী : সমাগত বিধান সভা নিৰ্বাচন ৷ নিৰ্বাচনক লৈ ৰাজনৈতিক কুজ-কাৱাজ এতিয়া ৰাজনৈতিক দল সংগঠনৰ মাজত ৷ বৃহস্পতিবাৰে বঙাইগাঁৱত জিলা বিজেপিৰ এক সাংগঠনিক সভা অনুস্থিত হয় ৷ এই সভাত বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি বৈজয়ন্তী জয় পাণ্ডা জিলা বিজেপিৰ এক সাংগঠনিক সভাত অংশ গ্ৰহণ কৰে ৷ বিজেপিৰ জিলা সভানেত্ৰী হিমানী অধিকাৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত বিধানসভা নিৰ্বাচনত দলটো কেনেকৈ অৱতীৰ্ণ হ'ব সেই সন্দৰ্ভত বিতং আলোচনা কৰা হয় ৷
বঙাইগাঁৱত অনুস্থিত জিলা বিজেপিৰ এক সাংগঠনিক সভা - undefined
বিধান সভা নিৰ্বাচনক লৈ ৰাজনৈতিক কুজ-কাবাজ এতিয়া ৰাজনৈতিক দল সমূহৰ মাজত ৷ সমাগত নিৰ্বাচনক লৈ বঙাইগাঁও জিলা বিজেপিৰ এক সাংগঠনিক সভা অনুস্থিত হয় ৷ এই সভাত বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি বৈজয়ন্তী জয় পাণ্ডা জিলা বিজেপিৰ এক সাংগঠনিক সভাত অংশ গ্ৰহণ কৰে ৷
![বঙাইগাঁৱত অনুস্থিত জিলা বিজেপিৰ এক সাংগঠনিক সভা _Bongaigaon BJP meeting](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10327195-136-10327195-1611231564889.jpg)
বঙাইগাঁৱত অনুস্থিত জিলা বিজেপিৰ এক সাংগঠনিক সভা
বঙাইগাঁৱত অনুস্থিত জিলা বিজেপিৰ এক সাংগঠনিক সভা
স্থানীয় বীৰঝৰা পাব্লিক লাইব্ৰেৰীত অনুষ্ঠিত এই সাংগঠনিক সভাখনত বিজেপিৰ ৰাষ্ট্ৰীয় নেতা তথা ৰাজ্যিক বিজেপিৰ প্ৰভাৰী বৈজয়ন্তী জয় পাণ্ডাৰ লগতে উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সম্পাদক কিশোৰ উপাধ্যায়, জিলা প্ৰভাৰী বনদ্বীপ ডেকা, ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সদস্য ক্ৰমে অনিল দাস, সুকেন ৰায়, জিলাৰ মৰ্চাৰ সভাপতি সাধাৰণ সম্পাদক সকল, মণ্ডল সভাপতি, সাধাৰণ সম্পাদক, সমষ্টিৰ প্ৰভাৰী আৰু বিস্তাৰক সকলৰ লগতে উপস্থিত থাকে বিজেপিৰ বহু কৰ্মকৰ্তা ৷
লগতে পঢ়ক :থানাৰ পৰা হেণ্ডকাফ খুলি পলাল বাইক চোৰ
TAGGED:
Bongaigaon BJP meeting