বঙাইগাঁও,১৪ এপ্ৰিল: অতীজৰে পৰা চলি অহা পৰম্পৰা ৰক্ষাৰে বুধবাৰে কাহিলী পুৱাতে উঠি গৰুক গা ধুৱাই ৰাজ্যবাসীয়ে উদযাপন কৰিলে গৰু বিহু । মাহ, হালধিৰে গোধনৰ শ্ৰীবৃদ্ধি কামনাৰে দীঘলতি পাতেৰে কোবাই গো-ধনক গা ধুৱাই বঙাইগাঁৱবাসীয়ে উদযাপন কৰিলে গৰু বিহু ৷ সকলোৱে নিজৰ গো-ধনক ধুৱাই আনন্দ-ফুৰ্তি কৰা দেখা গ'ল ।
বঙাইগাঁৱতো গৰু বিহু পালন - গৰু বিহু
পৰম্পৰাগত অনুসৰিয়েই পুৱাৰে পৰা বঙাইগাঁৱবাসীয়ে গো ধনক গা ধুৱাই পালন কৰে গৰু বিহু । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বঙাইগাঁৱতো গৰু বিহুৰ ব্যাপক উচাহ-উদ্দীপনা দেখা গৈছে ।
![বঙাইগাঁৱতো গৰু বিহু পালন বঙাইগাঁৱতো গৰু বিহু উদযাপন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11397886-201-11397886-1618388486791.jpg)
বঙাইগাঁৱতো গৰু বিহু উদযাপন
বঙাইগাঁৱতো গৰু বিহু উদযাপন
গৰুক গা ধুওৱাৰ অন্তত গাত মাহ-হালধি সানি 'লাও খা বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা' বুলি কুশল-মংগল কামনা কৰি সকলোৱে পালন কৰে গৰু বিহু । বঙাইগাঁৱৰ বিভিন্ন অঞ্চলত এনেদৰে পৰম্পৰাগতভাৱে উদযাপন কৰা হয় গৰু বিহু ৷
লগতে পঢ়ক: ক'ৰণাকলৈ উদ্বেগ প্ৰকাশ ডিমা হাছাও জিলাৰ উপায়ুক্ত পল বৰুৱাৰ