বঙাইগাঁও,11 ফেব্ৰুৱাৰীঃ বিগত ২০১৮ চনৰ এপ্ৰিলত কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰা অটল অমৃত যোজনা আজিকোপতি বলৱৎ হোৱা নাই বঙাইগাঁও জিলাত ৷ এই বিষয়ে ইটিভি ভাৰতৰ এক অভিযানত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য।
বঙাইগাঁৱত ফ্লপ শ্ব‘ত পৰিণত স্বাস্থ্যবিভাগৰ অটল অমৃত যোজনা - কাৰ্ড লাভ ২,৯২,৪৮৫ জনৰ
২০১৮ চনৰ এপ্ৰিলত কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰা অটল অমৃত যোজনা আজিকোপতি বলৱৎ হোৱা নাই বঙাইগাঁও জিলাত ৷ কাগজে-কলমে স্বাস্থ্য বিভাগে অটল অমৃত যোজনা কাৰ্যক্ষম বুলি দেখুৱালেও বাস্তৱত ওলোটা ছবি পৰিলক্ষিত হৈছে বঙাইগাঁৱত ৷ পৰ্যাপ্ত সা-সুবিধাৰ অভাৱত প্ৰায়ে বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ ৰোগীসকলক গুৱাহাটী বা অন্য ঠাইলৈ প্ৰেৰণ কৰিবলগা হয় । তাৎপৰ্যপূৰ্ণভাৱে ৰোগীসকল সজাগতাৰ অভাৱত আঁচনিখনৰ বিষয়ে জ্ঞাত নহয় ৷
উল্লেখ্য যে,কাগজে-কলমে স্বাস্থ্য বিভাগে অটল অমৃত যোজনা কাৰ্যক্ষম বুলি দেখুৱালেও বাস্তৱত ওলোটা ছবি পৰিলক্ষিত হৈছে বঙাইগাঁৱত ৷ জিলাখনৰ যুটীয়া স্বাস্থ্য বিভাগৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান মিছনৰ জিলা প্ৰকল্প সঞ্চালক স্মিতা ৰায় চক্ৰৱৰ্তীয়ে প্ৰকাশ কৰা অনুসৰি, বঙাইগাঁৱত অটল অমৃত যোজনাৰ অধীনত ডিচেম্বৰ মাহলৈ পঞ্জীয়ন হোৱা ৰোগীৰ সংখ্যা ৩,৯৮,৩৫১ জন ৷ কিন্তু জিলাখনত এই কাৰ্ড লাভ কৰিছে মাত্ৰ ২,৯২,৪৮৫ জন লোকে । ইয়াৰে ১৬৪ জন ৰোগীক উপযুক্ত সুবিধাৰ অভাৱত অন্য চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷ পৰ্যাপ্ত সা-সুবিধাৰ অভাৱত প্ৰায়ে বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ ৰোগীসকলক গুৱাহাটী বা অন্য ঠাইলৈ প্ৰেৰণ কৰিবলগা হয় । তাৎপৰ্যপূৰ্ণভাৱে ৰোগীসকল সজাগতাৰ অভাৱত আঁচনিখনৰ বিষয়ে জ্ঞাত নহয় ৷ ৰাজ্যৰ বিয়াগোম স্বাস্থ্যখণ্ডত এই যোজনাৰ দ্বাৰা কিমান উন্নয়ন হৈছে তাৰ স্পষ্ট ছবি প্ৰকাশ পাইছে বঙাইগাঁৱত ৷ ফলত সুবিধা গ্ৰহণৰ পৰা বঞ্চিত হৈ পৰিছে হিতাধীকাৰীসকল ৷
লগতে চাওকঃতিনিচুকীয়াত ভেঁকোভাওনাত পৰিণত অটল অমৃত অভিযান আঁচনি