অসম

assam

ETV Bharat / state

এশ টকা দিলেই ক’ত পাই অৰুণোদয় আঁচনিৰ ধন ?

অৰুণোদয় আঁচনিৰ নামত বঙাইগাঁৱত অবাধ দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ ৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি,গাঁওখনৰ পঞ্চায়ত সদস্যা লিপিকা দাসে আঁচনি খনৰ বাবদ হিতাধিকাৰীৰ পৰা সংগ্ৰহ কৰিছে ধন ৷ ধন নিদিলে হিতাধিকাৰীক ভাবুকি দিয়াৰো অভিযোগ উত্থাপন হৈছে পঞ্চায়ত সদস্যা গৰাকীৰ বিৰুদ্ধে ৷

Bongaigaon Arunodoy Scam
বঙাইগাঁৱত এশ টকাৰে লওক অৰুণোদয় আঁচনিৰ ধন

By

Published : Dec 21, 2020, 4:43 PM IST

Updated : Dec 21, 2020, 5:27 PM IST

বঙাইগাঁও,21ডিচেম্বৰ :বঙাইগাঁৱত অৰুণোদয়ৰ আঁচনিৰ নামত পঞ্চায়ত সদস্যাই ধন সংগ্ৰহ কৰাৰ অভিযোগ ৷ জিলাখনৰ সৃজনগ্ৰাম গাঁও পঞ্চায়তৰ অন্তৰ্গত ১ নং চিল্যাপাৰা গাঁৱৰ পঞ্চায়ত সদস্যা লিপিকা দাসৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ ৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, লিপিকা দাসে আঁচনি খনত নাম অন্তৰ্ভুক্ত কৰাৰ বাবদ হিতাধিকাৰীৰ পৰা সংগ্ৰহ কৰিছে ধন ৷

ৰাজ্য চৰকাৰৰ অভিলাষী আঁচনি অৰুণোদয়ৰ ধন প্ৰদানৰ পিছত দিয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্বাক্ষৰ সম্বলিত মানপত্ৰ বিতৰণৰ নামতো পঞ্চায়ত সদস্যা গৰাকীয়ে হিতাধিকাৰীৰ পৰা ৫০ ৰ পৰা ১০০ টকালৈ ধনৰ দাবী কৰা বুলি অভিযোগ উত্থাপন হৈছে । হিতাধিকাৰীয়ে এই ধন নিদিলে অৰুণোদয় আঁচনিৰ পৰা পৰৱৰ্তী সময়ত ধন পোৱাৰ পৰাও বঞ্চিত হ'ব বুলি সদস্যা গৰাকীয়ে ভাবুকি প্ৰদান কৰে বুলি একাংশ ৰাইজে মন্তব্য কৰে ৷

বঙাইগাঁৱত এশ টকাৰে লওক অৰুণোদয় আঁচনিৰ ধন

উল্লেখ্য যে, পূৰ্বতেও বহুবাৰ অৰুণোদয় আঁচনিৰ প্ৰ-পত্ৰ প্ৰদানৰ নামত পঞ্চায়ত সদস্যা গৰাকীয়ে ধন লোৱা অভিযোগ উত্থাপিত হৈছিল । সদস্যা গৰাকীৰ এই কাৰ্যৰ কথা গাঁও পঞ্চায়তৰ সভাপতিৰ আগত বহুবাৰ জনোৱা হৈছে যদিও গাঁওখনৰ সভাপতি- সম্পাদকে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হয় ৷

অন্য এক খবৰৰ বাবে: দায়িত্বভাৰ গ্ৰহণ কৰিয়েই চাডেন ভিজিট বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ

Last Updated : Dec 21, 2020, 5:27 PM IST

ABOUT THE AUTHOR

...view details