অসম

assam

ETV Bharat / state

NRC ৰ পৰা বাদ পৰা বৈধ ভাৰতীয়ক সহায় কৰিব প্ৰদেশ কংগ্ৰেছে - প্ৰদেশ কংগ্ৰেছ নেতৃত্বৰ মতবিনিময় অনুষ্ঠান

বঙাইগাঁওত প্ৰদেশ কংগ্ৰেছ নেতৃত্বৰ মতবিনিময় অনুষ্ঠান । সদ্য প্ৰকাশিত এন আৰচিৰ চূড়ান্ত তালিকাৰ পৰা বাদ পৰা ভাৰতীয় লোক সকলৰ সৈতে এই মত বিনিময় অনুষ্ঠান ।

Bongaigaon APCC meeting on NRC

By

Published : Sep 21, 2019, 9:52 PM IST

আজি বঙাইগাঁওত অসম প্ৰদেশ কংগ্ৰেছ নেতৃত্বৰ মত বিনিময় সভা অনুষ্টিত হৈ যায় । বঙাইগাঁও সদৰ চহৰৰ ৭ নম্বৰ ৱাৰ্ডত অনুষ্ঠিত এই মত বিনিময় সদ্য প্ৰকাশিত এন আৰ চিৰ চুড়ান্ত তালিকাৰ পৰা বাদ পৰি যোৱা ভাৰতীয় লোক সকলৰ সৈতে হয় । প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, ৰকিবুল হুচেইন, কেবাজনক বিধায়ক এই মত বিনিময় অনুষ্ঠানত উপস্থিত থাকে । এন আৰ চিৰ পৰা বাদ পৰা প্ৰতিজন ভাৰতীয় নাগৰিকৰ নাম এন আৰ চিত অন্তৰ্ভূক্ত হ'বই লাগিব আৰু তাৰ বাবে সকলো ধৰনৰ আইনী সহায় আগবঢ়াব প্ৰদেশ কংগ্ৰেছে । কিদৰে নিজৰ নাম বাদ পৰা লোকসকলে এন আৰ চিত অন্তৰ্ভূক্ত কৰিবলৈ আগবাঢ়িব লাগিব সেই বিষয়ে বিতং আলোচনা কৰে প্ৰদেশ কংগ্ৰেছ নেতৃত্বই । তাৰ পিচতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি সহ আটাইকেইজন লোকে বঙাইগাঁও আৱৰ্ত ভৱনত আহাৰ গ্ৰহন কৰে । বঙাইগাঁও আৱৰ্তভৱনত প্ৰদেশ কংগ্ৰেছ নেতৃত্বই সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰি সভাপতি ৰিপুন বৰাই অসম চৰকাৰক সমালোচনা কৰি গুধুত্বপুৰ্ণ মন্তব্য কৰে ।

Bongaigaon APCC meeting on NRC
প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুচেইনেও অসম চৰকাৰক সমালোচনা কৰি কয় যে, অসম চৰকাৰ সকলোতেই বিফল হৈছে । আৰক্ষীক ব্যৱহাৰ কৰি বিভিন্ন ঠাইত কংগ্ৰেছী লোকক আক্ৰমন কৰাৰ গুৰুত্বপুৰ্ণ অভিযোগ উত্থাপন কৰে ৰকিবুল হুছেইনে । যেতিয়া চৰকাৰে আৰক্ষীক ব্যৱহাৰ কৰি অন্যায় কৰে তাৰ পিচত আৰক্ষীয়ে অন্যায় কৰিলে চৰকাৰে ব্যৱস্থা ল'ব নোৱাৰে বুলিয়ো কয় । অনাহকত নিৰীহক হাৰাশাস্তি বন্ধৰ দাবী জনাই দোষীৰ শাস্তি বিচাৰে । পুজাৰ সময়ত দুখীয়া মানুহৰ সমস্যা সমাধানৰ বাবে চৰকাৰে ব্যৱস্থা লওক বুলিয়ো কয় ৰকিবুল হুচেইনে ।
Bongaigaon APCC meeting on NRC
অসমৰ প্ৰতিটো প্ৰান্ততেই প্ৰদেশ কংগ্ৰেছে যিসকল প্ৰকৃত ভাৰতীয় লোকৰ নাম এন আৰ চিৰ পৰা কৰ্তন কৰা হৈছে তেওঁলোকৰ সৈতে মত বিনিময় কৰাৰ কথা জানিবলৈ দিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে । দিকবিদিক হেৰুৱা দৰিদ্ৰ ভাৰতীয় সকলো লোকক এন আৰ চিত নাম অন্তৰ্ভূক্তিৰ বাবে কংগ্ৰেছে কাম কৰিব বুলিও কয় সভাপতি ৰিপুন বৰাই ।

ABOUT THE AUTHOR

...view details