কোঁচ ৰাজবংশীসকলৰ শীঘ্ৰে জনজাতিকৰণ দাবী আক্ৰাছুৰ
কোঁচ ৰাজবংশীসকলৰ জনজাতিকৰণ আৰু পৃথক কমতপুৰ ৰাজ্য গঠনৰ কাৰণে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ দাবী আক্ৰাছুৰ ।
বঙাইগাঁও, 22 জুন : কোঁচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ নামত চৰকাৰে বাৰম্বাৰ বঞ্চনা কৰা অভিযোগ সদৌ কোঁচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছু ৷ শুকুৰবাৰে বঙাইগাঁৱত এক সংবাদমেলৰ আয়োজন কৰি এই অভিযোগ উত্থাপন কৰে আক্ৰাছুৰ নেতৃবৃন্দই ৷ সংগঠনটোৰ নেতৃবৃন্দই কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি কয় যে কোঁচ ৰাজবংশীসকলক জনজাতিকৰণৰ বিলখন বিগত সময়ত কেইবাবাৰো লোকসভা আৰু ৰাজ্যসভাত উত্থাপন কৰাৰ পাছতো বৰ্তমানলৈ বিলখন পাছ নোহোৱাতো অতি তাপৰ্যপূৰ্ণ ৷ চৰকাৰে শীঘ্ৰেই জনজাতিটোৰ জনজাতিকৰণ নকৰিলে আগন্তুক সময়ত ব্যাপক গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে আক্ৰাছুৱে ৷ সংবাদমেলত আক্ৰাছুৰ মুখ্য উপদেষ্টা হিতেশ্বৰ বৰ্মন, সভাপতি অৰুণ ৰয় লগতে মহিলা সমিতিৰ নেতৃত্ব উপস্থিত থাকে ।